পৃষ্ঠা:ভবিষ্যত কথা.djvu/৩৪

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
১৮
সন্ত চরিত্ৰ।

ধন জন বন্ধু যত,  এক পদাৰ্থৰ শোকে,
 জ্ঞানীও ধৰিব নৰে চিত্ত।
অসংখ্যাত পুত্ৰ নাতি,  সৰে ভৈলা বিসঙ্গতি,
 শোকে দুয়ো ভৈলা জৰ্জ্জৰিত॥
নষ্ট ভৈলা পূৰ্ব্ব জ্ঞান,  মৃতকক কৰি ধ্যান,
 দশ দিশে দেখন্ত যমক।
কপট কৰিলা বিধি,  হৰুৱাইলা স্মৃতি বুদ্ধি
 পাছে দুয়ো গৈলা পৰলোক॥
দেখা পৰীক্ষিত ৰায়  মায়াক এৰান্ত নাই,
 মায়াতেসে বশ্য চৰাচৰ।
সিদ্ধ মুনি আদি কৰি,  মায়াক জিনিব নৰি,
 কায় ক্লেশে ভ্ৰমে নিৰন্তৰ॥
বসুদেৱ মহাশয়,  কৃষ্ণক তনয় পাই,
 তথাপি মায়াতে মোহ ভৈলা।
মৃতকক কৰি ধ্যান,  শোকতে ত্যজিলা প্ৰাণ,
 সি কাৰণে মুকুতি নাপাইলা॥
গৌতমৰ গৃহে আসি,  পুনৰায় উপজিব,
 মহা ধৰ্ম্ম শীল বসুদেৱ।
পূৰ্ব্ব ৰাজ ঋষি তনু  ত্যজি ই জন্মক পু্নু
 বিজ সদানন্দ নাম হৈব॥