পৃষ্ঠা:ভবিষ্যত কথা.djvu/৩৩

ৱিকিউৎসৰ পৰা
নেভিগেশ্যনলৈ যাওক সন্ধানলৈ যাওক
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
১৭
ভবিষ্যত কথা।

এহি মতে কৃষ্ণে ষেবে,  পৃথিবী ছাড়িয়া গৈলা,
 চলে যদুগণক সংহাৰি।
শুনি বসুদেৱ উঠি,  হৃদয়ত হানে মুঠি,
 পৃথিবীত পড়িলা বাগৰি॥
দৈৱকী মুৰ্চ্ছিতা ভৈলা,  “হা বাপ, কৈক গৈলা”
 এহি বুলি ধাকুৰন্ত হিয়া।
পুত্ৰ শোকে জ্বলে আখি,  প্ৰভাস তীৰ্থক লাগি,
 কান্দন্তে গৈলেক লৱৰিয়া॥
মৃতক শৱক ধৰি,  কান্দে আৰ্ত্তনাদ কৰি,
 বসুদেৱ, দৈবকী সহিত।
“হা কৃষ্ণ পুত্ৰ” বুলি  ধাকুৰে মাথাক তুলি
 কত উঠি পৰে ধাত ধাত॥
“হা কামদেৱ বাপ,  তোমাৰ সন্তাপে হিয়া
 অৱশ্যে চলিব যম লোক।
“হা হা শাম্ব অনিৰুদ্ধ  কি কাৰণে গৈলা বধ,
 এহি বুলি দেখন্ত যমক॥
এহি বুলি তাসম্বাৰ  গুণক বৰ্ণাই দুয়ো,
 বৰ শোকে ভৈলন্ত বিকল।
সব জ্ঞান দূৰে গৈলা  মায়ায়ে মোহিত ভৈল।
 স্নেহ ভাৱে আকুলিত ভৈল॥