পৃষ্ঠা:ভবিষ্যত কথা.djvu/৩২

ৱিকিউৎসৰ পৰা
নেভিগেশ্যনলৈ যাওক সন্ধানলৈ যাওক
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
১৬
সন্ত চরিত্ৰ।

“হা! প্ৰাণনাথ স্বামী!  আবেসে জানিলো আমি,
 পৃথিবীক এৰি যাইবা তুমি।
“হা! কিনু ভৈলা দুখ  নেদেখিলোঁ কৃষ্ণমুখ”
 এহি বুলি কান্দে হুমা হুমি॥
হেন দেখি যদুৰাই,  সজল নয়নে চাই,
 গদগদ বাক্যে প্ৰবোধিলা।
দুৰ্লভ ভকতি যত,  পূজা বিধি নানা যত,
 উদ্ধৱত সমস্ত কহিলা॥
মৈত্ৰৱত বাৰম্বাৰ,  অষ্ট বিধ প্ৰতিমাৰ,
 পূজা উপহাৰ যত যত।
আৰু যত দিব্যজ্ঞান,  কহিলন্ত নাৰায়ণ,
 তাক শুনি তুষ্ট ভৈলা চিত্ত॥
কৃষ্ণক মেলানি মাগি,  লড়িলা গৃহক লাগি,
 আগক নচলে হাত ভৰি॥
শোকৰ জমক দেখি,  নেমেলন্ত দুই আখি,
 লোতক নিঝৰে সৰ সৰি॥
পাছে দেৱ যদুপতি,  বিদ্যুৎ সঞ্চাৰে গতি,
 বৈকুণ্ঠ পুৰক প্ৰবেশিলা।
মহা অসন্তোষ মনে  অপোন গৃহক লাগি
 উদ্ধৱ মহন্ত চলি গৈল॥