পৃষ্ঠা:ভবিষ্যত কথা.djvu/৩১

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
১৫
ভবিষ্যত কথা।

শুনিলন্ত দ্বাৰকাত,  “যদুগণ ভৈলা হত”
 বলদেৱ, উদ্ধৱ, মাধৱ।
দেখিল নেত্ৰ ভৰি  প্ৰভাসৰ তীৰ জুৰি
 পৰিয়াছে সমস্ত যাদব॥”
দেখি বলদেব জ্ঞানী,  কৃষ্ণৰেশে ইচ্ছা জানি,
 বোলে আৰু কি কাৰ্য্য জীবাৰ।
জানিলোহো নাৰায়ণ,  চলিবন্ত নিজস্থান,
 যোগ চিন্তি ত্যজিলা শৰীৰ॥
দেখি দেৱ নাৰায়ণ,  ৰামৰ মৃতক প্ৰাণ,
 শোকাকুলে ক্ষণেক আছিলা।
ঘোৰ অৰণ্যত পশি,  অশ্বত্থ মূলত বসি,
 নিজ ঐশ্বৰ্য্যক প্ৰকাশিলা॥
শঙ্খ চক্ৰ আদি কৰি,  স্বৰ্গে গৈলা মূৰ্ত্তি ধৰি,
 মাধৱৰ নমিয়া পাৱত।
অনন্তৰে নাৰায়ণ,  ব্যাধৰ পুৰিয়া মন,
 এতেকে উদ্ধৱ উপগত॥
উদ্ধৱৰ গলে ধৰি,  অনেক আশ্বাস কৰি,
 প্ৰবোধ কৰিলা মৃদু বোলে।
উদ্ধৱে পাৱত পৰি,  অনেক কাতৰ কৰি
 মাতিলন্ত নয়ন সজলে॥