এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
১৪
সন্ত চরিত্ৰ।
পৃথিবীত অৱতৰি, ভূমি ভাৰ দূৰ কৰি,
যাওঁ যদি যাদৱক এড়ি।
তাসম্বাৰ পয়োভৰে, চৰাচৰ নিৰন্তৰে,
দুনাই তল যাইবে বসুন্ধৰী॥
হেন মতে গুনি পাছে, পুণ্ডৰিক তীৰ্থ কাষে,
ঈশ্বৰ ইচ্ছায় ঋষিগণ।
কপটে কৰন্ত তপ দৈৱ বশে যদু সৱ,
ক্ৰীড়া কৰি ফুৰে স্থানে স্থানে॥
দেখি সবে যদুগণ, ঋষিৰ বুঝিবা মন,
উপালম্ভ কৰিলা অনেক।
ক্ৰোধে সবে দিলা শাপ, শুনা যদুগণ পাপ,
“সবংশে সবায়ে ক্ষয় হৌক॥”
ঋষি শাপ শুনি পাছে, যদুগণ যত আছে,
হৃদি কম্প সবাৰে উঠিলা।
নকহিলা মাধৱত, উগ্ৰসেন আদেশত,
তাৰ্থ স্নানিবাক সবে গৈলা॥
সবাকো গ্ৰাসিলা কালে যদুগণ সেহি স্থলে,
সবে উন্মত্ত ভৈল।
আপোনাৰ বংশে তাৰ, লাগিল কন্দল ঘোৰ,
অন্যাঅন্যে সবেভৈলা হত॥