পৃষ্ঠা:ভবিষ্যত কথা.djvu/২৯

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
১৩
ভবিষ্যত কথা।

ভাৰ্য্যাৰ সহিত মিলি,  ক্ৰীড়া কৰে কত দিন,
 এহিমতে ফুৰে ক্ৰীড়া কৰি।
মৎস্য দুইৰো গৃহবাস,  পুত্ৰ ভাৰ্য্যা অভিলাষ,
 দেখি ভোল গৈলন্ত সৌভৰি॥
মায়ায়ে মোহিলা মন,  এৰিলন্ত যোগধ্যান,
 গৈলা গাধি ৰাজাৰ মন্দিৰ।
ৰাজাত খুজিল কন্যা,  ৰূপে গুণে মহা ধন্যা,
 বিহাইলন্ত ষাঠি যে হাজাৰ॥
সবে যোগ ধ্যান গৈলা,  বিষয়ে বিকল ভৈলা,
 মহাঋষি সৌভবিৰ চিত্ত।
শুনা পৰীক্ষিত ৰাজা,  বুঝিয়োক অভিপ্ৰায়,
 সবে বন্দি বিষ্ণুৰ মায়াত॥
বসুদেৱ দৈৱকীৰ,  জানা সেহি পটন্তৰ,
 পুৰাণৰ জ্ঞান পাশৰিলা।
ঐশ্বৰ্য্য সবক দেখি,  ভ্ৰম ভৈলা জ্ঞান-অক্ষি
 হৰিৰ মায়াতে মোহ ভৈলা॥
এহিমতে দেৱ হৰি,  বিনন্দ বিলাস কৰি,
 সুহৃদ সবৰ ৰঞ্জিমন।
যদু-কুল সংহাৰিয়া,  নিজ থানে যাব হেতু,
 কৰিলন্ত মনে আলোচনা॥