এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
১২
সন্ত চরিত্ৰ।
দেখি পুত্ৰ নাতি মুখ, বসুদেৱ দৈবকীৰ,
বিষয় মায়ায় মোহ ভৈলা।
লীলা নৰতনু ধৰি বেদপন্থ বক্ষা কৰি,
গৃহবাস ধৰ্ম্ম আচৰিলা॥
দেখিয়োক অভিপ্ৰায়, কৃষ্ণক গৃহেতে পাই,
তথাপি মায়ায়ে মোহিলন্ত।
তাসম্বৰ হেন দেখা, সামান্য কোন লেখ;
মায়াময় সমস্ত জগত॥
বসুদেৱ মহাঋষি দুনাই উপজিলা আসি,
আত কিছু নাহিক সংশয়।
মহামায়া প্ৰভাৱত মোহভৈলা ত্ৰিজগত,
শুনা কহোঁ ইহাৰ নিৰ্ণয়॥
যমুনাতীৰত বসি, আছিলা সৌভৰি ঋষি,
ঊৰ্দ্ধবাহু মহা তপোধন।
এৰি ক্ৰোধ কাম প্ৰীতি, সদায়ে আহ্লাদ ধৰি,
এক চিত্তে কৰে যোগ ধ্যান॥
কত কুশ-হস্ত হই, তিল তণ্ডুলক লই,
দেৱ পিতৃ অৰ্চ্চন্ত হৰিষি।
তাতে শাল মৎস্য দুই, পুত্ৰ ভাৰ্য্যা সঙ্গে লই
তিল তণ্ডুলক তুঞ্জে আসি॥