পৃষ্ঠা:ভবিষ্যত কথা.djvu/২৭

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
১১
ভবিষ্যত কথা।
 

ত্ৰিপদী।

পৰীক্ষিত ৰাজা পাছে,  ঋষিক পুছন্তু কথা,
 কহা গুৰু স্বৰূপ বচন।
আমাৰ মনত এক,  সংশয় মিলল আসি,
 ছেদিওক তুমি তপোধন॥
ভাগ্যৱতী দৈৱকীয়ে,  পূৰ্ব্ব তপস্যাৰ ফলে,
 ঈশ্বৰ কৃষ্ণক পুত্ৰ পাইলা।
আগতে কৃষ্ণক পাই,  মুকুতিৰ পাত্ৰ হই,
 পুনৰপি কিসক জন্মিলা॥
বসুদেৱ মহামতি,  কৃষ্ণক কৰিয়া স্তুতি,
 তথাপি নেৰাইলা জন্ম মৃত্যু।
গৌতম ঋষিৰ ঘৰে  কি কাৰণে দামোদৰে,
 জনমিল কহা তাব হেতু॥
শুক মুনি নিগদতি,  শুনিয়োক কু্ৰুপতি,
 কহোঁ কথা পৰম বিচিত্ৰ।
ভূভাৰ হৰণ হেতু,  জন্মিলা গড়ুৰ কেতু,
 থাকি কত কাল পৃথিবীত॥
দেৱতাৰ কাৰ্য্য সাধি,  দুষ্ট দানৱক বধি,
 বিহাইলা অনেক কন্যাগণ।
তাসম্বাৰ মন পুৰি,  ক্ৰীড়িলন্ত দেৱহৰি,
 জন্মাইলা অনেক পুত্ৰগণ॥