পৃষ্ঠা:ভবিষ্যত কথা.djvu/২৪

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
সন্ত চরিত্ৰ।

সিসৰত কহিলে পাতকে লাগ ধৰে।
পুৰ্ব্ব পুণ্য নাশে ঘোৰ নৰকত পৰে॥
এহি বুলি ঋষিৰাজ আছন্ত কৰিলা॥
বিষ্ণুক সুমৰি মনে সমাধি ধৰিলা॥
জ্ঞান কথা লম্বি মন বুদ্ধি কৰি থিত।
ভবিষ্যত কথা চয় পৰিল মনত॥
পাছে সুস্থ হুই ভৈলা ৰোমাঞ্চ শৰীৰ।
কৃষ্ণ ৰাম গোবিন্দ সুমৰি বাৰম্বাৰ॥
ৰাজাক সম্বুধি মাতিলন্ত মুনিৰাজ।
শুনা কুৰু নায়ক পুছিল যিটো কাজ॥
পৰম ঈশ্বৰ হৰি জগত আধাৰ।
কাৰ্য্য কাৰনত সময়ৰ পুনৰ্ব্বাৰ॥
অবতৰি ধৰ্ম্ম কথা পুছন্ত দেব হৰি।
সন্তক পালন্ত দুষ্ট দানব সংহৰি॥
ব্ৰাহ্মণী স্বরূপে পুনু দৈবকী সুন্দৰী।
উতপতি হৈবন্ত সুশীলা নাম ধৰি॥
গোতম বংশৰ সদানন্দ দ্বিজবৰে।
কৰিলা বিবাহ তাঙ্ক অনেক সাদৰে॥
পূৰ্ব্ৱ পূণ্য ফলে পাছে সুশীলা গৰ্ভত।
পুৰ্ণব্ৰহ্ম হৰি আসি জন্মিব সাক্ষাত॥