পৃষ্ঠা:ভবিষ্যত কথা.djvu/২৫

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
ভবিষ্যত কথা।

দামোদৰ নাম হৈব লোকত প্ৰক্ষাত।
যেন অদাতিৰ গৰ্ভে বামন উদিত॥
গহিন গম্ভিৰ যেন সাগৰ সমান।
কোটী শশাঙ্কতধিক পৰম শোভন॥
দেখি সদানন্দে পাইব আনন্দ বিস্তৰ।
দানে মানে মনো সন্তুষিব ব্ৰাহ্মণৰ॥
যত জাত কৰ্ম্ম কৰিবেক সদানন্দ।
দেখি বন্ধু বান্ধবৰ মিলিবে আনন্দ॥
ব্ৰাহ্মণ কুলৰ হৈব মহা উপকাৰী।
তপ জপ যজ্ঞ দান থাকিব আচৰি॥
ভাগবতী ধৰ্ম্ম প্ৰকাশিব সৰ্ব্বক্ষণে।
পাষণ্ডৰ পথ নাশ কৰিব আপনে॥
শ্ৰবণ কীৰ্ত্তন ধৰ্ম্ম প্ৰচাৰ কৰিব।
সমস্ত প্ৰাণীক ধৰ্ম্মপথে নিয়োজিব॥
লগতে সহায় হৈব শঙ্কৰ মহন্ত।
হৰি গুৰু সমে মহা প্ৰীতি কৰিবন্ত॥
মাধৱৰ কপট আচাৰ বিনাশিব।
শঙ্কৰ সহিতে মাধৱক জ্ঞান দিব॥
গোধুলি প্ৰভাতে হৈব কীৰ্ত্তনৰ ধ্বনি।
যত মহা পাপ পলাইবেক তাক শুনি॥