সমললৈ যাওক

পৃষ্ঠা:ভবিষ্যত কথা.djvu/২৩

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
ভবিষ্যত কথা।

ইন্দ্ৰ, চন্দ্ৰ, আদি কৰি যত দেৱগণ।
ইটো কথা নক্তানন্ত ই তিনি ভুবন॥
ব্ৰহ্মা, মনু, ইৰ বাঢ় জন মহাজ্ঞানী।
ইটো গোপ্য কথা তাৰা জানন্ত আপনি॥
স্ৰজন কালত হৰি ব্ৰহ্মাৰ আগত।
কহিলন্ত কথা ইটো লোক অবিদিত॥
আপোনাৰ পুত্ৰ স্নেহে নাৰদৰ আগে।
কহিলা ৰহস্য কথা ব্ৰহ্মা মহাভাগে॥
নাৰদ দয়ালু মহা লোক উপকাৰী।
কহিলন্ত ব্যাস মহা মুনিত প্ৰচাৰি॥
ব্যাসৰ তনয় আমি স্নেহতে আগল।
কহিলা মোহত পূৰ্ব্বাপৰ যে সকল॥
তোমাত কহিলোঁ ভাগৱতক প্ৰচাৰি।
ধৰ্ম্ম অৰ্থ কাম মোক্ষ সিদ্ধি অনুসৰি॥
পাছৰ কথা শুনিক তযু মন।
তোমাত কহিবো আবে হুইও সাৱধান॥
গুহ্যৰ পৰম গুহ্য কহিবো তোমাত।
নকহিবা পাতকি যে দুৰ্জ্জন দুষ্টত॥
কৃষ্ণৰ কথাত যিটো নপাতয়ে কান।
দন্ত, দৰ্প, অহঙ্কাৰ কৰে যিটো জন॥