পৃষ্ঠা:ভবিষ্যত কথা.djvu/২২

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
সন্ত চরিত্ৰ।

কলিৰ প্ৰভাৱে নৰ হৈবেক মলিন।
ব্ৰাহ্মণ সবৰ তেজ বল হৈব হীন॥
ক্ষত্ৰিয়ৰ স্বধৰ্ম্ম এৰিব ন্যায় বুদ্ধি।
অন্যায় অধৰ্ম্ম বহু মিলিব কুবুদ্ধি॥
বৈশ্য শূদ্ৰ আদি যত আনু প্ৰজাগণ।
পাপ-সাগৰত হইবেক নিয়োজন॥
কলিৰ মায়ায়ে সবাহাৰে হৰি মন।
এবিবন্ত নিজ ধৰ্ম্ম হৈবন্ত অজ্ঞান॥
ইসব লোকৰ আবে তৰণ উপাই।
কহিয়োক গুৰু শুনিবাক ইচ্ছা যাই॥
কিবা তৰণৰ হেতু হৈবে কি নহয়।
শুনো এক চিত্তে কহা ঋষি মহাশয়॥
শুক নিগদতি শুনিয়োক পরীক্ষিত।
“মাধৱৰ কথাত একান্ত ভৈলা চিত্ত॥
কৃষ্ণৰ কথাৰ ৰসে ক্ষণে প্ৰীতি বাঢ়ে।
যেন কামাতুৰ স্ত্ৰীৰ আলাপ নচাৰে॥
সংসাৰ তৰিলা তুমি কুল উদ্ধাৰিলা।
তজু সঙ্গে আছে যত সমস্তে তৰিলা॥
পুছিলা ৰহস্য যিটো কথা মনোহৰ।
ব্ৰহ্মাৰ গোপনি ইটো দুৰ্ল্লভ দেৱৰ॥