পৃষ্ঠা:ভবিষ্যত কথা.djvu/২১

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
ভবিষ্যত কথা।

মোর পিতামহগণ হৰিত ভকত।
সদাই থাকন্ত হৰি যাহাৰ সঙ্গত॥
বিষ্ণু বৈষ্ণৱৰ কথা তযু মুখে শুনি।
তৰিলোঁ দুষ্টৰ মায়া মৃত্যু সঞ্জীবনী॥
মোহৰ মনত এক মিলল সংশয়।
এতেকে তোমাৰ থানে কৰিলোঁ বিনয়॥
ঘোৰ কলিযুগ আসি মিলিল সম্প্ৰতি।
কিমতে সাধিব নৰে আপোনাৰ গতি॥
পৃথিবীৰ ভাৰ সংহৰিবে মনে হৰি।
উপজিল দৈৱকীৰ পুত্ৰ ৰূপ ধৰি॥
দুষ্ট দৈত্য দানৱক কৰিলা বিনাশ।
দেৱ দ্বিজ মহন্তক কৰিলা উদাস॥
পাষণ্ডৰ মন মোহি ধৰ্ম্মক থাপিলা।
নানা লীলা কৰি পুনু নিজ থানে গৈলা॥
ঋষি সবে নানা দুৰ্গমত লৈলা থান।
যোগী সবে অলক্ষিতে কৰে যোগ ধ্যান॥
বৈষ্ণৱ সকলে হৰিগুণ নাম গাই।
সংসাৰ তৰিয়া বৈকুণ্ঠত লৈবা ঠাই॥
ইদানীৰ লোকৰ হইবেক কোন গতি।
ঘোৰ কলি-কালে আসি মিলিলা চৌভিতি॥