পৃষ্ঠা:ভবিষ্যত কথা.djvu/২০

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
সন্ত চরিত্ৰ।

যদি অপৱিত্ৰ স্থানে গঙ্গাজল বহে।
তথাপি পবিত্ৰ সিটো হেন শাস্ত্ৰে কহে॥
সেহিমত জানিবাহা আমাৰ বৃত্তান্ত।
কৃষ্ণ কথা শুনি সবে চিত্ত করা শান্ত॥
ইসব কৰ্ম্মক যেবে নহওঁ শকত।
তথাপিতো বিৰচিবো কৃষ্ণ কথা যত॥
আন পক্ষী গড়ুৰৰ সমসৰ নুই।
পাখা অনুৰূপে পক্ষী তেবে কি নুৰাই॥
কৃষ্ণ পাদ পদ্ম মনে হৃদয়ত ধৰি।
গুৰুৰ চৰণ মনে শিৰোগত কৰি॥
ভবিষ্যত কথা সন্ত চৰিত্ৰ সম্প্ৰতি।
অল্পমতি দ্বিজে পদ বন্ধে নিগদতি॥
একে ভবিষ্যত কথা অমৃত সাক্ষাত।
আৰু ভাগৱত কথা মিশ্ৰ দিলোঁ তাত॥
দুয়ো কথা নিবন্ধিলো এক তুল্য কৰি।
যেন মধু দুগ্ধ সমে স্বাদ যাই চৰি॥
পৰীক্ষিত নৃপে পাছে পুছন্ত শুকত।
শুনিলো কৃষ্ণৰ কথা সাক্ষাতে অমৃত॥
বেদৰ ৰহস্য কথা মহাভাগৱত।
তজু মুখে গুৰু মই শুনুহুঁ সমস্ত॥