সমললৈ যাওক

পৃষ্ঠা:ভবিষ্যত কথা.djvu/১৯

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
ভবিষ্যত কথা।

যাহাৰ বিৰাট ৰূপ নাই আদি অন্ত।
ৰবি, শশী, গিৰি, তৰু, অঙ্গ যত যত॥
চাৰি মুখে ব্ৰহ্মা যাৰ নপাৱয় অন্ত।
অনন্তে সহস্ৰ মুখে যাৰ গুণ গান্ত॥
হেনয় কৃষ্ণক ৰাত্ৰি দিনে ধ্যান কৰি।
অনেক দিবস আছোঁ হৃদয়ত ধৰি॥
ভকত বৎসল প্ৰভূ দয়া উপজিলা।
অন্তৰ্য্যামি ৰূপে মোক উপদেশ দিলা॥
মনত হৰিষ বাঢ়ি যায় নিতে নিত।
মহা কৌতুহলে আৰম্ভিলোঁ ইটো কৃত্য॥
হে হৰি অনাথৰ নাথ নাৰায়ণ।
মোক কৃপা কৰা প্ৰভূ পশিলোঁ শৰণ॥
হৃদয়ত থাকি মোক দিয়া অনুমতি।
বঢ়া টুটা দোষ মোৰ ক্ষমিও সম্প্ৰতি॥
প্ৰণামো ভাৰতি! মোত হুয়োক প্ৰশন্ন।
কণ্ঠ মধ্যে থাকি স্থিৰ কৰিবাহা মন॥
কৰযোড় কৰ মই সব মহন্তক।
অল্পমতি জানি নিন্দা নকৰিবা মোক॥
যদি অপৱিত্ৰ দেখা মোৰ বাক্য চয়।
ৰাম নাম মহাৰত্ন মধ্যে প্ৰকাশয়॥