পৃষ্ঠা:ভবিষ্যত কথা.djvu/১৩

ৱিকিউৎসৰ পৰা
নেভিগেশ্যনলৈ যাওক সন্ধানলৈ যাওক
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে


৷৶৹

আনকেহু নাজানিল,  কিবা দুয়ো সম্ভাষিল,
কাতো নকহিলা মনে গুনি॥”

এই দৰে থাকোঁতে দামোদৰ দেৱৰ খ্যাতি চতুৰ্দ্দিকে প্ৰচাৰিত হবলৈ ধৰিলে:-

“এহি মতে দামোদৰ,  হমি নাম বেদ সাৰ,
 ব্ৰাহ্মণক উপদেশ দেন্ত।
শুনি দশ দিশে যত,  বিশিষ্ট ব্ৰাহ্মণ আছে
 সবে সেহি থানত আসন্ত॥”

যেতিয়া কামৰূপত শ্ৰৱণ কীৰ্ত্তন ধৰ্ম্ম সকলো শ্ৰেীণীৰ ভিতৰত এই দৰে প্ৰচাৰিত হল, তেতিয়া তেওঁ আন আন ঠাইলৈ প্ৰচাৰক পঠিয়াবলৈ ধৰিলে। পূব দিশে বংশী দেৱক, উত্তৰে ভগবানক, দক্ষিণে সন্তো দেৱক আৰু পশ্চিমে বলদেবক পঠিয়ালে আক মধ্যত ভট্টদেৱক ৰাখিলে। এই দৰে আদিতে শ্ৰীদামোৰ দেৱেই আসামত সত্ৰ প্ৰথা প্ৰবৰ্ত্তাই।

‘‘পাচে দেৱ—দামোদৰ,  কলি-মল দূৰ কৰি
 প্ৰচাবন্ত শ্ৰৱণ ধৰ্ম্মক।
তাঙ্ক দেখি আন নৰ,  গুৰু উপদেশ লৈয়া
 ইটো পন্থা দেখাইলা লোক॥”

তেওঁ প্ৰথমতে সত্ৰপ্ৰথা প্ৰবৰ্ত্তন কৰাৰ নিমিত্তে দেৱ দামোদৰৰ পন্থৰ মানুহ আসামত ইমান সৰহ। শ্ৰীদেৱ দামোদৰৰ ধৰ্ম্মমত কিমান উদাৰ আৰু কাৰুনিক তাক তলত দিয়া টোকা কেইফাঁকিৰ পৰাই ভালকৈ দেখা যায়ঃ-