পৃষ্ঠা:ভবিষ্যত কথা.djvu/১১৮

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
১০২
সন্ত চৰিত্ৰ ৷

যেবে মই বৈকণ্ঠ পুৰক যাইব চলি।
দেখি কলি আনন্দে কৰিবে কুলি মালি॥
দেখিবে উদাঙ্গ ইটো সমস্ত জগত।
কপট বৈষ্ণৱ বেশ ধৰিবে সাক্ষাত॥
অধৰ্ম্ম অসত্য দুয়ো হৈৱন্ত সহাই।
ক্ৰোধ হিংসা আদি পাত্ৰ মন্ত্ৰিগণ লই॥
পৰ্য্যটি ফুৰিবে সবে পৃথিবী মণ্ডল।
সমস্ত জগতে তাক দেখি হৈব ভোল॥
যিটো বাক্য সব কহে কলি দুৰাচাৰ।
সিটো বাক্য সিদ্ধি হেন দেখিবেক নৰ॥
হৈব সব মোহ দেখি অঘট ঘটন।
জ্ঞান অন্ধ হুয়া লৈব তাহান শৰণ॥
মায়ায়ে মোহিবে সব সন্ত মহন্তক।
যেন ভাৱ ভঙ্গি দেখাই ফুৰই নটক॥
এহি মতে মোহিয়া পড়িবে দুষ্ট কলি।
পাষণ্ডৰ পথ সবে ধৰিবে সমুলি॥
চাহিবেক দুষ্ট বেদ পথ নাশিবাক।
মহাগৰ্ব্বে ফুৰে দুষ্টে নগনে আমাক॥
অকালতে বেদ নাশ কৰে কলি কালে।
গৌতম বংশে জন্ম লভিব সিকালে॥