পৃষ্ঠা:ভবিষ্যত কথা.djvu/১১৭

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
১০১
দামোদৰৰ ধৰ্ম্মপ্ৰচাৰ আৰু নাৰদসন্মিলন ৷

পাছে গোপগণ সমে অক্ৰূৰ সহিত।
কংসক বধিব প্ৰবেশিব মথুৰাত॥
চিণ্ডিব ধোবাৰ মুণ্ড ভাঙ্গিব ধনুক।
পাছে ৰঙ্গে চলি যাইব কংসৰ সভাক॥
কুবলয় বধি মাল ঝাকক সংহাৰি।
কংসক বধিব বণে পৃথিবী উপৰি॥
উগ্ৰসেন ৰাজাক পাতিব অধিকাৰ।
বিবাহ কৰিব কন্যা ষোড়শ হাজাৰ॥
কাল যবনক চলে কৰিব সংহাৰ।
সাগৰ মধ্যত নিৰ্ম্মি দ্বাৰকা নগৰ॥
ভামৰ হাতত জৰাসন্ধ নিপাতিব।
ধৰ্ম্মৰাজ যজ্ঞে শিশু পালক বধিব॥
তাত পাছে অৰ্জ্জুনৰ হৈবহু সাৰথি।
ৰথে চৰি ভাৰত যুদ্ধত হৈব স্থিতি॥
অৰ্জ্জুনে কৰিব কৌৰৱক বুন্দামাৰ।
এহি মতে পৃথিবীৰ সংহাৰিব ভাব॥
ঋষি শাপ চলে যদু কুল সংহাৰিব।
পৃথিবী তেজিয়া পুনঃ বৈকুণ্ঠক যাইব।
এই মতে দুৰ্জ্জনক কৰিবহু ক্ষয়।
ৰঙ্গ চাই ফুৰিব নাৰদ মহাশয়॥