পৃষ্ঠা:ভবিষ্যত কথা.djvu/১১৯

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
১০৩
দামােদৰৰ ধৰ্ম্মপ্ৰচাৰ আৰু নাৰদসন্মিলন৷

সুশীলাৰ উদৰত উপজি পুনৰ্ব্বাৰ৷
দেখিবা নাৰদ মোৰ পূৰ্ণ অৱতাৰ॥
দামোদৰ নাম হৈব জগতে প্ৰখ্যাত।
প্ৰচাৰিব সনাতন ভাগৱত মত॥
পাষণ্ড বিনাশি বেদ পথ ৰক্ষা কৰি।
বৈকুণ্ঠে চলিব পুণঃ পৃথিবীক এৰি॥
শুনিয়ো নাৰদ কহোঁ আত অনন্তৰে।
উপজিবো শুদ্ধ দিনে মাতৃৰ উদৰে॥
মৌন হুয়া থাকিবো মুদিয়া দুই আখি।
মোহিবো জগত মোৰ মায়াক প্ৰকাশি॥
মোহ মায়াত সব নষ্ট হৈব জ্ঞান।
দেখিবেক লোকে অধৰ্ম্মক ধৰ্ম্ম হেন॥
হৈবেক বিষম বুদ্ধি সমস্ত লোকৰ।
যেন হৈব কহো তাক শুনা মুনিবৰ॥
দেখি দুষ্ট কলিৰ মিলিব কৌতুহল।
ধৰিবে বৈষ্ণৱ বেশ পাষণ্ড সকল॥
পাষণ্ড সবৰ অৰ্থবাদে সবে ভুলি।
এৰিবন্ত বেদ-পথ মই বৰ বুলি॥
গুৰু উপদেশ কেহ নুশুনিব কাণে।
গুৰু পূজা শুশ্ৰুষা এৰিব সৰ্ব্বজনে॥