পৃষ্ঠা:ভবিষ্যত কথা.djvu/১১৬

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
১০০
সন্ত চৰিত্ৰ৷

ভাদ্ৰৰ মাসত কৃষ্ণ অষ্টমী তিথিত।
ৰোহিণী নক্ষত্ৰ মিলিবে সিবেলাত॥
মধ্যম নিশাত অন্ধকাৰ হৈব ছন্ন।
পৰম মঙ্গল কাল হৈব সুশোভন॥
বসুদেব গৃহে হৈব দৈবকীত জাত।
বাসুদেৱ নাম মোৰ হৈবেক প্ৰখ্যাত॥
কংস ভয়ে গোকুলত বসুদেৱে থৈব।
নিজ পুত্ৰ বুলি নন্দ-যশোদা মানিব॥
জাত কৰ্ম্ম কৰি গৰ্গ ঋষি নাম থৈব।
শুনি নন্দ যশোদাৰ আনন্দ মিলিব॥
শিশু লীলা আচৰিব শুষিব পুতনা।
শকট ভাঙ্গিব চক্ৰবাতৰ পৰাণা॥
সিকালৰ যত কৰ্ম্ম শুনা তপোধন।
অঘ, বক বধিব ধৰিব গোবৰ্দ্ধান॥
প্ৰলম্ভ, মুষ্টিক, চানু ধেনুক অসুৰ।
লীলায়ে বধিব দুষ্ট দানৱ প্ৰচুৰ॥
গোপ সমে বৃন্দাবনে গোধেনু চাৰিব।
ব্ৰহ্মাক মোহিব দুষ্ট কালিক দমিব॥
তাল ফল ভুঞ্জি হৈব গোৰস সন্তোষ।
বৃন্দাবনে গোপীকাক ক্ৰীড়িব অশেষ॥