পৃষ্ঠা:ভবিষ্যত কথা.djvu/১১৫

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৯৯
দামোদৰৰ ধৰ্ম্মপ্ৰচাৰ আৰু নাৰদসন্মিলন৷

ৰাজাৰ আদেশে হনু সীতাক খুজন্ত।
দগধ কৰিব লঙ্কা নগৰ পৰ্য্যন্ত॥
সুগ্ৰীব সহিতে সাজি যাইব লঙ্কাপুৰী।
নেদিবন্ত পন্থ সিন্ধুবাজে গৰ্ব্ব কৰি॥
হৈব মহক্ৰোধ মোৰ দেখিয়া সাগৰ।
ভয়ে উপদেশ দিব সেতু বান্ধিবাৰ॥
বানৰ সহিতে কৰিবহু সেতু বন্ধ।
লঙ্কাত সবংশে বধিবহু দশস্কন্ধ॥
বিভীষণে ৰাজ্যে স্থাপি আনিব সীতাক।
অগ্নিত পৰীক্ষা কৰি ফিৰিব ৰাজ্যক॥
ৰাজ্যক ভুঞ্জিব দশ হাজাৰ বৎসৰ।
এহি মতে দেখিবা আমাক মুনিবৰ॥
ত্ৰেতাৰ শেষত কলি যুগৰ আদ্যত।
হলিৰাম ৰূপে ৰোহিণীত হৈব জাত॥
নিজ অস্ত্ৰ মুষলক ধৰিব উছাই।
দুষ্ট দানবক বধি কৰিবহু ছাই॥
সিবেলা আমাক দেখিবা নেত্ৰ ভৰি।
এহি মতে পৃথিবীত ফুৰিব প্ৰচাৰি॥
শুনিয়ো নাৰদ মোৰ পূৰ্ণ অৱতাৰ।
কৃষ্ণৰূপ ধৰি হৰিব ভূমি ভাৰ॥