পৃষ্ঠা:ভবিষ্যত কথা.djvu/১১৪

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৯৮
সন্ত চৰিত্ৰ ৷

পাছে প্ৰবেশিব যাই স্বয়ম্বৰ স্থল।
মোক দেখি জনকৰ হৈব কৌতুহল॥
ঋষিৰ আদেশে গৈয়া ধনুক ভাঙ্গিব।
অনেক নৃপতিগণ যুদ্ধে বিনাশিব॥
সীতাক পাইবহু ভাৰ্য্যা পৰম সুন্দৰী।
মহাৰঙ্গে যাইব মই অযোধ্যা নগৰী॥
ক্ৰোধে বাট ভেণ্টিব পৰশুৰাম হৰি।
তান স্বৰ্গ-পন্থ ছেদিব শৰ কৰি॥
মোক ৰাজা পাতিব পিতৃৰ হৈব মন।
চল বাদে কৈকেয়ী খেদিব ঘোৰ বন॥
সূৰ্পনখা পাপিষ্ঠা আসিবা বৰিবাক।
লক্ষণৰ হাতে ছেদিবহু কাণ নাক॥
সিহেতু আসিব ধাই অনেক ৰাক্ষস।
বধিব বিৰোধী খৰ দুষণ অশেষ॥
আনন্দে থাকিব মই দণ্ডকৰ বনে।
সীতাক হৰিব তৈতে দুৰ্জ্জয় ৰাৱণে॥
সীতাৰ উদ্দেশ্যে শোকে ফুৰিব বিচাৰি।
পন্থ অনুক্ৰমে পাইব ঋষ্যমুখ গিৰি॥
মিত্ৰ পাতি সুগ্ৰীবত কৰিবহু কাৰ্য্য।
বালি বধ কৰি সুগ্ৰীবক দিব ৰাজ্য॥