পৃষ্ঠা:ভবিষ্যত কথা.djvu/১১৩

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৯৭
দামোদৰৰ ধৰ্ম্মপ্ৰচাৰ আৰু নাৰদসন্মিলন

দেৱক স্থাপিব নিজ অম্ৰাবতী পুৰে।
সেহি কালে আমাক দেখিবা মুনিবৰে॥
হৈবহু পৰশুৰাম যমদগ্নি সুত।
সিটো অৱতাৰে কৰ্ম্ম কবিব অদ্ভুত॥
পিতৃ বধ শোকে ক্ৰোধে কৰি আশৰিষ।
হাতে লৈব পৰশু-কুঠাৰ মহা বিষ॥
তিনি সাত বাৰ ঘুৰি পৃথিবী মণ্ডল।
বিনাশিব ক্ৰোধে ক্ৰুৰ ক্ষত্ৰিয় সকল॥
সসাগৰা পৃথিবী কশ্যপে দিব দান।
সি বেলাত আমাক দেখিবা তপোধন॥
দ্বাপৰৰ আগে ত্ৰেতা যুগৰ শেষত।
শ্ৰীৰাম ৰূপত কৌশল্যাত হৈব জাত॥
হৈব মহা আনন্দ কৌশল্যা মহাভাগা।
যজ্ঞ কবিবাক বিশ্বামিত্ৰে নিব মাগি॥
লগত চলিব মোৰ লক্ষণ ভৈয়াহ।
বাটতে মাৰিব তাৰকাক লাগ পাই॥
পাছে বিশ্বামিত্ৰে ধনুৰ্ব্বাণ শিখাইবন্ত।
যজ্ঞক ৰাখিম ৰাক্ষসক কৰি অন্ত॥
পাছে ঋষি সমে যাইব মিথিলা নগৰী।
পথত মুকুত হৈব অহল্যা সুন্দৰী॥