পৃষ্ঠা:ভবিষ্যত কথা.djvu/১০৬

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৯০
সন্ত চৰিত্ৰ।


সেহি তযু দৈববাণী  পূৰ্ব্বকালে আছো শুনি
 তযু মহিমাৰ নাহি ওৰ।
যুগে যুগে অৱতাৰ  ধৰি হৰিলা ভূভাৰ
 কৰিলাহা দুষ্টক সংহাৰ॥
কলিৰ লোকক এবে  নিস্তাৰ কৰিবে মনে
 ধৰিলাহা প্ৰভু অৱতাৰ।
নমো দামোদৰ নাম  লোৱে সবে অনুপাম
 তৰিবাহা সংসাৰ নিকাৰ॥
তোমাৰসে ভৃত্য আমি  তযু গুণ নাম স্বামি
 সদাই ফুৰোহোঁ মুখে গাই।
ত্ৰিভূবন পৰ্য্যটিয়া  ফুৰোঁ আনন্দিত হুয়া
 তযু মায়া বিভবক চাই॥
এহিসে কাৰণে প্ৰভু  আসি লোহোঁ তযু থানে
 তুষ্ট হুয়ো জগতৰ পতি।
আনু নানা স্তুতি বাণী  বুলিলা নাৰদ মুণি
 চলি গৈলা কৌতুহলে আতি॥
নাৰদে কহিলা যত   পূৰ্ব্বাপৰ আদি অন্ত
 দামোদৰ আছিলন্ত শুনি।
আনো কেহ নাজানিলা,  প্ৰভু দামোদৰ দেৱে
 কাতো নকহিলা মনে গুণি॥