পৃষ্ঠা:ভবিষ্যত কথা.djvu/১০৫

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৮৯
দামোদৰৰ ধৰ্ম্মপ্ৰচাৰ আৰু নাৰদসম্মিলন।


পৰম আনন্দে ঋষি  বুলিলন্ত হাসি হাসি
 শুনা প্ৰভু জগতৰ ধাম।
পূৰ্ণ চক্ষু ভৰি লোক   চাহিলা যিমতে মোক
  হৈবন্ত পুণ্ডবিকাক্ষ নাম॥
হেন শুনি দামোদৰে  মাতিলন্ত ধীৰে ধীৰে
  শুনিয়োক মহন্ত সজ্জন।
আদেশিয়ো ঋষিৰাজ  সাধিবহু কিবা কাজ
 কিসক আসিলা মোৰ থান॥
তযু পৰশনে আজি পৱিত্ৰ ভৈলুহু আমি
 চক্ষু দুইবো ভৈলন্ত সাম্ফল।
ছাৱাল কালব পৰা তযু ধৰ্ম্ম আচৰিলো
 আজি সিদ্ধি ভৈলেক সকল॥
ঋষিয়ে বোলন্ত হাসি   অৱতাৰ ভৈলা আসি
 তুমি নিস্তাবিলা ত্ৰিজগত।
হুয়া জগতৰ পতি তবু মোক কৰা স্তুতি
 ইটো পন্থ দেখোৱা লোকত ॥
তোমাক দেখিবে আমি  আসিলোহোঁ প্ৰভু স্বামি
 আন কিছু নাই মনস্কাম।
পূৰ্ব্বে মহা প্ৰলয়ত  মৎস্য অৱতাৰ কালে
 কহিলন্ত মোত নাৰায়ণ॥