সমললৈ যাওক

পৃষ্ঠা:ভবিষ্যত কথা.djvu/১০৭

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৯১
দামোদৰৰ ধৰ্ম্মপ্ৰচাৰ আৰু নাৰদসন্মিলন

পৰীক্ষিত নৃপে পাছে  ঋষিক বুলিলা পুনু
 কহা গুৰু স্বৰূপ বচন।
মহা প্ৰলয়ৰ অন্তে  কি কৰিলা নাৰায়ণে
 কি কথা শুনিলা তপোধন।
সি সব কথাক মোৰ  শুনিবাৰ যাই ইচ্ছা
 কহা গুৰু ধৰোঁ চৰণত।
শুনি ঋষি ৰঙ্গ মনে  ৰজাক প্ৰশংসি ধনে
 আৰম্ভিলা কথা ভবিষ্যত॥
শুনিয়ো মহন্ত লোক  নিন্দা নকৰিবা মোক
 শুনা সন্ত চৰিত্ৰ পয়াৰ।
দূৰ হৈবে ভব দুঃখ   মিলিবেক মহা সুখ
 বিষয় বাসনা হৈব দূৰ॥
হেন জানি সৰ্ব্বলোক  আন চিন্তা এৰিয়োক
 বৃথা কয় কৰা আয়ুপতি।
মিছা মায়াময় গৃহ   ইহাত নকৰা স্নেহ
 ভজা দামোদৰ চৰণত॥
ধন জন যৌবনৰ  যিটো গৰ্ব্ব অহঙ্কাৰ
 তাঙ্ক ত্যজি ভজা চক্ৰপানী।
বলবন্ত কালে পাই   সবে ভস্ম কৰিবেক
 যেন তৃণ ৰাতাসে অগণি॥