পৃষ্ঠা:ভবিষ্যত কথা.djvu/১০৪

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৮৮
সন্ত চৰিত্ৰ।


এহি মতে আছে যেবে  পূজা বলি বিচাৰিবে
 মাধৱ আহিলা সেহি থান।
বাৰে বাৰে শঙ্কৰক প্ৰণমিলা চৰণত
 শঙ্কৰে দিলন্ত তাঙ্ক জ্ঞান॥
এহি মতে ৰঙ্গমনে দামোদৰ ভগৱানে
 আছন্ত সবাৰো মাঝে বসি।
সন্ন্যাসীৰ বেশ ধৰি জগতৰ উপকাৰী
 আসিলা নাৰদ মহা ঋষি॥
সন্ন্যাসীব বেশ দেখি  স্থিৰ কৰি দুই আখি
 প্ৰভো দামোদৰে চাই আছে।
আসে ইটো কোনজন  বিস্ময় ভৈলেক মন
  অনুক্ৰমে চিনিলন্ত পাছে॥
যেন এক প্ৰিয়তম  পূৰ্ব্বে ছিলা পুৰুষৰ
  কত ক লে দেখা দেখি নাই।
পুনৰপি দেখি তাঙ্ক হৃদয়ে মহা আনন্দ
 তবধ নয়নে আছে চাই॥
এহি মতে দেৱ হৰি   প্ৰফুল্ল নয়ন কৰি
 পাছে নাৰদক চিনিলন্ত।
হৃদয়ে আনন্দ বৰ  নিজে উঠি আসনৰ
 বসাইলা নিজ আসনত॥