পৃষ্ঠা:ভবিষ্যত কথা.djvu/১০৩

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৮৭
দামোদৰৰ ধৰ্ম্মপ্ৰচাৰ আৰু নাৰদসম্মিলন।

সুখ দুঃখ সম কৰি লোক ৰঙ্গ পৰিহৰি
 আত্মাৰাম হৈবাহাঁ সতত।
আনু সব মহাজ্ঞান দামোদৰ ভগৱান
 কহিলন্ত কৰিয়া গুপুত॥
জ্ঞান যে বিজ্ঞান আদি তদঙ্গ ৰহস্য যত
 সন্ত-সঙ্গ প্ৰসঙ্গ বিশেষ।
ভৱ বন্ধ বিনাশন নিৰ্ম্মল ভকতি জ্ঞান
  সবাহাতে কহিলা বিশেষ॥
সেহি মহা দিব্য জ্ঞান  কৰ্ণ পথে লৈয়া পাছে
  সবাহাৰ মনত প্ৰবেশি।
ভৈলা প্ৰেমে পুলকিত   আনন্দে নধৰে চিত্ত
 প্ৰসন্ন ভৈলেক মুখ আখি॥
দণ্ডৱতে পৰি পৰি  কৰিলন্ত নমস্কাৰ
 ভকত সকলে থাৱে থাৱে।
কেহ চৰণৰ ধুলি শিৰত লৈলন্ত তুলি
 কত ঘুহিলন্ত সৰ্ব্ব গাৱে॥
প্ৰসন্ন বদনে কত   চাহিয়াছে নেত্ৰ ভৰি
 কত পাদ পদ্মে নিৰিখন্ত।
কাহাৰো লাগিল ধ্যান   যেহি অঙ্গে পৰে দৃষ্টি
 এক চিত্তে চাহিয়া থাকন্ত॥