পৃষ্ঠা:ভবিষ্যত কথা.djvu/১০২

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৮৬
সন্ত চৰিত্ৰ।


শুনা বংশীদেৱ তুমি   পূৰ্ব্ব দিশে চলি যাহা
 উত্তৰ দিশত ভগবান।
সন্তদেৱ দক্ষিণত বলদেৱ পশ্চিমত
 হৈবা সবে মহন্ত প্ৰধান॥
ভট্টদেৱ দ্বিজবৰ মধ্যদেশে থাকা তুমি
 ভাগৱত ধৰ্ম্ম প্ৰবৰ্ত্তাই।
কপিল গোপাল আদি   বৈষ্ণৱ সকল থাকা
 মধ্যে মধ্যে হৰিগুণ গাই॥
মোব ভ্ৰাতৃ পুত্ৰ চয় সবে মহা শুভাশয়
  থাকিবাহা মোহোৰ থানত।
আচাৰ্য্য় বৈষ্ণব সবে  কাৰ্য্য কাৰণৰ বেলা
  তাসম্বাক মানিবা সতত॥
নেৰিবা শাস্ত্ৰৰ নীতি  হৈবা ক্ষমাশীল আতি
  সমস্ত প্ৰাণীক কৰা দয়া।
সত্য শুচি ধৰ্ম্ম ধৰি  মনত জপিবা হৰি
  তেবে নাবান্ধিবে বিষ্ণু মায়া॥
দম্ভ দৰ্প অহঙ্কাৰ হিংসা নিন্দা খল আৰ
  ইসবক কৰি পৰিহাৰ।
নিন্দুক নিন্দা শুনি  দুষ্টৰ কঠোৰ বাণী
 তাহাঙ্ক ক্ষমিবা শতবাৰ॥