পৃষ্ঠা:ভবিষ্যত কথা.djvu/১০১

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৮৫
দামোদৰৰ ধৰ্ম্মপ্ৰচাৰ আৰু নাৰদসম্মিলন।


ক্ষত্ৰিয় আচাৰ কৰি, ঘোৰ ধনুশৰ ধৰি
 যুদ্ধ কৰি ফুৰোঁ দিনে ৰাতি।
মই নকৰিলোঁ হন্ত,   মোৰ উপদেশ লই
 কৰ্ম্ম এৰি যাইব অধোগত॥
সেহি মতে দামোদৰ  সামান্যক দৰশাই
 আপোনাৰ নামক উপোক্ষ।
যদি পতিয়ান নাই,   গীতাতে বিচাৰি চাই
  ইসৱ কথাক লোৱা সাক্ষী।
এহি মতে দামোদৰ হৰিনাম বেদ সাৰ
 ব্ৰাহ্মণক উপদেশ দেন্ত।
শুনি দশো দিশে যত  বিশিষ্ঠ ব্ৰাহ্মণ আছে
  সবে সেহি থানক আসন্ত॥
হেন দেখি দামোদৰ  দিলা হৰি নাম দান
  ব্ৰাহ্মণক পৰম সাদৰে।
পাছে বুলিলন্ত বাণী, দামোদৰ চক্ৰপাণি
 শুনা দ্বিজগণ নিৰন্তৰে॥
চাৰি দিশে চাৰি জন   চলি যাহা দ্বিজগণ
 আমাৰ বচন কৰা সাৰ।
আচৰিয়া সদাচাৰ   ক্ষমাশীল হৈবা ধীৰ
 সন্ত ধৰ্ম্ম কৰিবা প্ৰচাৰ॥