পৃষ্ঠা:ভগৱান বুদ্ধ.djvu/৯৪

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৫৮
ভগৱান বুদ্ধ
 


ভিক্ষা গ্ৰহণ কৰা নাছিলোঁ৷ হয়তো দুজন মানুহে একেলগে ভোজন কৰি আছে, তাৰে এজন উঠি আহি যদি মোক ভিক্ষা দিয়ে তেন্তে মই তাকো গ্ৰহণ নকৰিছিলোঁ। গৰ্ভিণী, কেছুৱাক পিয়াহ খুৱাই থকা বা পুৰুষৰ লগত একান্তে সহবাস কৰি থকা তিৰোতাৰপৰাও ভিক্ষা নলৈছিলোঁ। যত কুকুৰ থিয় হৈ থাকে, মাখিৰ জাকে ভনভনাই থাকে তেনে ঠাইতো ভিক্ষা লোৱা নাছিলোঁ। মাছ, মঙহ, সুৰা আদি বস্তুও গ্ৰহণ নকৰিছিলোঁ।[৪] মাথোন এঘৰত ভিক্ষা লৈ একে গৰাহ মাত্ৰ আহাৰ খাই দিন নিয়াইছিলোঁ। মই মাথোন একোৰাছ (কৰছলি) অন্ন লৈছিলোঁ আৰু এইদৰে ক্ৰমে বঢ়াই নি সাত দিনত সাত কোৰাছ অন্ন লৈ জীৱন নিৰ্ব্বাহ কৰিছিলোঁ। এদিন এৰি এদিন অৰ্থাৎ প্ৰত্যেক তৃতীয় দিনৰ দিনা আহাৰ কৰিছিলোঁ, তাৰ পিচত দুদিনৰ পিচত এদিন অৰ্থাৎ প্ৰত্যেক চতুৰ্থ দিনৰ দিনা আহাৰ কৰিছিলোঁ। এইদৰে উপবাসৰ সংখ্যা বঢ়াই সাত দিনৰ পিছত এদিন বা পষেকত এবাৰকৈ আহাৰ কৰিছিলোঁ।

 (ই) শাক, শ্যামক, নীৱাৰ, মুচিয়াৰে পেলাই দিয়া চামৰাৰ টুকুৰা, শেলুৱৈ, তুঁহৰ গুৰি, পুৰি যোৱা শস্য, খলিহৈ, ঘাঁহ বা গৰুৰ গোবৰ খাই মই দিন নিয়াইছিলোঁ অথবা অৰণ্যত চটৰ কাপোৰ পিন্ধিছিলোঁ৷ মৰা শৰ ওপৰত দিয়া কাপোৰ উৰিছিলোঁ, অজিন মৃগ-চৰ্ম্ম পৰিধান কৰিছিলোঁ। শন বা মৰাপাটৰ চীৱৰ পৰিধান কৰিছিলোঁ। মানুহৰ চুলিৰে বা ঘোঁৰাৰ নোমৰে বোৱা কম্বল অথবা ফেঁচাৰ পাখিৰে প্ৰস্তুত কৰা চীৱৰ উৰিছিলোঁ।

 (নি) মই দাড়ী-গোফ আৰু চুলি উঘালি পেলাইছিলোঁ। মই থিয় হৈ বা আঠুৰ ওপৰত বহি তপস্যা কৰিছিলোঁ।

 (মই) কাঁইটৰ শয্যাত শুইছিলোঁ। নিতৌ তিনিবাৰকৈ গা


 (৪) জৈন সাধুয়ে মাছ আৰু মাহ গ্ৰহণ কৰিছিল কিন্তু সুৰা গ্ৰহণ কৰা হলে কোনো প্ৰমাণ পোৱা নাযায়। একাদশ অধ্যায়ত মাংসাহাৰৰ আলোচনা কৰা হৈছে।