ধুইছিলোঁ। এনেদৰে নানা প্ৰকাৰে দেহ-দণ্ডন কৰিছিলোঁ। এয়ে আছিল মোৰ তপস্বিতা।’
ৰুক্ষতা—“হে সাৰিপুত্ত, মোৰ ৰুক্ষতা কেনে ধৰণৰ আছিল তাকে কওঁ শুনা—
(নি) ভালেমান বছৰ ধৰি ধূলি-মাকতি পৰি মোৰ শৰীৰত তৰপে তৰপে মলি গোট খাইছিল। কেবা বছৰৰ ধুলি পৰিলে তিন্দুকৰ গা-গছ দেখিবলৈ যেনে হয় মোৰ শৰীৰ তেনে হৈ পৰিছিল। সেই মলি নিজে গুচাই লবলৈ বা আনৰ হতুৱাই গুচাবলৈ মোৰ ইচ্ছা হোৱা নাছিল। মোৰ ৰুক্ষতা আছিল এনে ধৰণৰ।”
জুগুপ্সা—’এতিয়া মোৰ জুগুপ্সা কেনে ধৰণৰ আছিল তাকে কওঁ—( নি) মই বৰ সাৱধানে অহা-যোৱা কৰিছিলোঁ। পানীৰ কণিকা বোৰৰ প্ৰতিও মোৰ অতিশয় দয়াৰ ভাৱ আছিল। এনে বিষম অৱস্থাত পৰি যাতে মোৰ হাতত কোনো সূক্ষ্ম প্ৰাণীৰো নাশ নহয়, তাৰ বাবে মই অতি সতৰ্ক হৈ চলিছিলোঁ। এয়ে আছিল মোৰ জুগুপ্সা।’ (জুগুপ্সাৰ অৰ্থ হল-হিংসাৰ প্ৰতি অৰুচি।)
প্ৰৱিৱিক্ততা—হে সাৰিপুত্ত, মোৰ প্ৰৱিৱিক্ততানো কেনে ধৰণৰ আছিল তাক বৰ্ণনা কৰোঁ, শুনা—
(ই) মই যেতিয়া কোনো অৰণ্যত আছিলোঁ তেতিয়া যদি গহীন বনত, আওহতীয়া ঠাইত বা সমতল ভূমিত কোনো গৰখীয়া, ঘাঁহ বা খৰিকটিয়া মানুহ দেখা পাইছিলোঁ তেন্তে মই সেই ঠাইৰ পৰা অনবৰত লৰি লৰি আঁতৰি গৈছিলোঁ। তেনে মানুহজনে যাতে মোক দেখা নাপায় বা মই তেওঁক দেখা নাপাওঁ সেই উদ্দেশ্য লৈয়েই মই তেনেভাৱে দৌৰি আঁতৰি পৰিছিলোঁ। মানুহক দেখিলেই বনৰ হৰিণ যিদৰে পলাই পত্ৰং দিয়ে ময়ো সেইদৰে দৌৰি দৌৰি আঁতৰি পৰিছিলোঁ। এনে ধৰণৰ আছিল মোৰ প্ৰৱিৱিক্ততা’।