জন্মৰ ১৯৩ বছৰৰ আগতে তেওঁৰ পৰিনিৰ্ব্বাণ হোৱা বুলি অনুমান কৰিব পৰা যায়। তাৰো অন্ততঃ চল্লিশ-পঞ্চাশ বছৰৰ আগতে পাৰ্শ্ব তীৰ্থঙ্কৰে ধৰ্ম্মোপদেশ দি ফুৰিছিল। তেওঁৰ আৰু আন আন শ্ৰমণ-সংঘ নায়কসকলৰ মত সম্বন্ধে পিচত আলোচনা কৰা হব। ইয়াত মাথোন তেওঁলোকৰ তপশ্চৰ্য্যাৰ প্ৰকাৰ সম্বন্ধে উল্লেখ কৰাই যুগুত হব, কিয়নো তাৰ পৰা তাপস সকলৰ তপস্যা সম্বন্ধে কিছুদূৰ জানিব পৰা যাব। ভালেমান সুত্ততে শ্ৰমণসকলৰ তপশ্চৰ্য্যাৰ প্ৰকাৰ সম্বন্ধে বৰ্ণনা পোৱা যায়। কিন্তু তাৰ ভিতৰত ‘মজ্ ঝিমনিকায়’ৰ মহাসীহনাদ সুত্তত দিয়া তপশ্চৰ্য্যাৰ বৰ্ণনা বিশেষ গুৰুত্বপূৰ্ণ। আমি ইয়াত তাৰে সাৰাংশ দিওঁহক।
বুদ্ধ ভগৱানে সাৰিপুত্তক কলে, “হে সাৰিপুত্ত, মোৰ মনত পৰিছে যে মই চাৰি প্ৰকাৰৰ তপ কৰিছিলোঁ। মই তপস্বী হৈছিলোঁ, ৰুক্ষ হৈছিলোঁ, জুগুপ্সী হৈছিলোঁ আৰু প্ৰৱিৱিত্ত হৈছিলোঁ।
তপস্বিতা—হে সাৰিপুত্ত মোৰ তপস্বিতা কেনে ধৰণৰ আছিল তোমাক কওঁ শুনা—
(নি) মই উলঙ্গ হৈ আছিলোঁ। লৌকিক আচাৰ পালন কৰা নাছিলোঁ। হাতৰ তলুৱাত ভিক্ষা লৈ খাইছিলোঁ। কোনোৱাই যদি কৈছিল ‘ভদন্ত এই পিনে আহক’ তেন্তে মই তাক নুশুনিছিলোঁ। যদিহে কোনোবাই কৈছিল ‘ভদন্ত থিয় হৈ থাকক’, তেন্তে মই তাকো শুনা নাছিলোঁ। বহি থকা ঠাইৰ পৰা আনি দিয়া বা নিজৰ কাৰণে প্ৰস্তুত কৰা অন্ন মই গ্ৰহণ নকৰিছিলোঁ আৰু নিমন্ত্ৰণো স্বীকাৰ কৰা নাছিলোঁ। বন্ধা পাত্ৰতে অন্ন আনি মোক দিলে মই তাক গ্ৰহণ নকৰিছিলোঁ। উৰালৰ পৰা কোনো খাদ্য আনি দিলে মই তাকো নলৈছিলোঁ। দুৱাৰদলি বা লাখুটিৰ আন পিনে থাকি মোক ভিক্ষা দিলে মই সেই