পৃষ্ঠা:ভগৱান বুদ্ধ.djvu/৯২

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৫৬
ভগৱান বুদ্ধ
 


 তেষষ্টিটা শ্ৰমণ-পন্থ—বুদ্ধৰ সময়ত সৰু-বৰ তেষষ্টিটা শ্ৰমণ-পন্থ আছিল। ’যানি চ তীণি যানি চ সট্ঠি—এই বাক্য ফাকিত যি তিনি আৰু ষাঠি মতৰ কথা কোৱা হৈছে তাত বৌদ্ধ মত সামৰি লোৱা হৈছিল নে নাই তাক সঠিককৈ কব নোৱাৰি। লোৱাহেঁতেন পালি-সাহিত্যৰ ভালেমান ঠাইতে উল্লেখ কৰা বাষষ্টি মতৰ (দ্বাসট্ঠি দিট্ঠিগতানি) অৰ্থ স্পষ্টভাৱে বুজিব পৰা গলহেঁতেন। অৰ্থাৎ ইয়াৰ পৰা দেখা যায় যে বুদ্ধৰ শ্ৰমণ-পন্থৰ বাহিৰেও সেই সময়ত আৰু বাষষ্টিটা শ্ৰমণ-পন্থ আছিল। এই বাষষ্টি শ্ৰমণ-পন্থৰ মত সম্বন্ধে থাউকতে বৰ্ণনা কৰিবলৈ দীঘনিকায়’ৰ আগতে ‘ব্ৰহ্মজালসুত্ত’ত প্ৰয়াস কৰা হৈছে, কিন্তু তাক কৃত্ৰিম যেন লাগে। সেই সুত্ত ৰচনা কৰাৰ সময়ত বাষষ্টি সংখ্যাৰ বাহিৰে সেই সম্বন্ধে আৰু বিশেষ তথ্য পোৱা নগৈছিল যেন অনুমান হয়। গতিকে সুত্ত ৰচোঁতাই বাষষ্টি সংখ্যা পূৰণ কৰিবলৈ নতুন বৰ্ণনা যুগুত কৰি সেই সুত্তত সন্নিৱিষ্ট কৰি দিছে। বোধহয় সেই শ্ৰমণ-পন্থবোৰৰ ভিতৰত প্ৰসিদ্ধ পন্থৰ সংখ্যা তেনেই কম আছিল আৰু সৰু সৰু সম্প্ৰদায়বোৰ ডাঙৰ ডাঙৰ সম্প্ৰদায়ৰ লগত চামিল হৈ গৈছিল; সেই কাৰণেই বোধ- হয় এই পুৰণি বাষষ্টি শ্ৰমণ-পন্থৰ প্ৰত্যেকৰ আছুতীয়া সংজ্ঞা লোপ হৈছিল। আজিকালিৰ বাবা, বৈৰাগী আদি পন্থৰ গণনা কৰিলে সংখ্যা কত অধিক হব। কিন্তু উল্লেখযোগ্য কবীৰ, দাদু, উদাসী আদিৰ সংখ্যা তেনেই এমুঠিহে হব।

তপশ্চৰ্য্যাৰ প্ৰকাৰ

 বুদ্ধৰ সময়ত আটাইতকৈ ডাঙৰ শ্ৰমণ-সংঘ মাথোন ছটাহে আছিল আৰু তাৰে ভিতৰত নিৰ্গ্ৰন্থ শ্ৰমণ সম্প্ৰদায়ৰ নাম পোন পহিলতে উল্লেখযোেগ্য। এই পন্থৰ ঐতিহাসিক সংস্থাপক হল পাৰ্শ্বমুনি। বুদ্ধৰ