কৰিলে। তাৰ পিচত ব্ৰাহ্মণৰ লৰাই পুনৰ জীৱন ফিৰাই পালে। ৰামায়ণত এই কথা বৰ বিস্তাৰিত ভাবে বৰ্ণনা কৰা হৈছে। অলপ
সংযত ভাৱে ভৱভূতিয়ে ‘উত্তৰ ৰামচৰিত’তো এই কথাৰ উল্লেখ কৰিছে। কিন্তু বুদ্ধৰ আগেয়ে বা বুদ্ধধৰ্ম্ম ভাৰতবৰ্ষত চলাৰ সময়ত এনে ঘটনা হৈছিল বুলি কোনো প্ৰমাণ পোৱা নাযায়। বোধ হয় এই কাহিনী ৰচোঁতাৰ এয়ে উদ্দেশ্য আছিল যে ৰজাই এনে নীতি অনুসৰণ কৰা উচিত।
শ্ৰমণ
অৰণ্যবাসী এই ঋষি-মুনি সকলক তাপস বা পৰিব্ৰাজক বোলা হৈছিল। তেওঁলোকে কিদৰে তপশ্চৰ্য্যা কৰিছিল, সেই সম্বন্ধে বিশেষ বৰ্ণনা পোৱা নাযায। এই তপস্বীসকলৰ সংঘৰ পৰাই জন-স্থানত ঘূৰি পকি মানুহৰ মাজত উপদেশ প্ৰচাৰ কৰা বেলেগ বেলেগ শ্ৰমণ-সংঘ ওলাইছিল। ’শ্ৰম’ ধাতুৰ পৰা ’শ্ৰমণ’ শব্দ ওলাইছে। ইয়াৰ অৰ্থ হ'ল—পৰিশ্ৰম কৰোঁতা। আজিকালি যিদৰে কায়িক শ্ৰম কৰোঁতা বনুৱাৰ গুৰুত্ব বাঢ়ি গৈছে, সেইদৰে বুদ্ধৰ শ্ৰমণসকলৰ গুৰুত্ব বৃদ্ধি পাইছিল। কিন্তু বনুৱা আৰু শ্ৰমণৰ ভিতৰত পাৰ্থক্য হল— বনুৱাসকলে সমাজৰ প্ৰয়োজনীয় সামগ্ৰী উৎপাদন কৰিবলৈ শাৰীৰিক পৰিশ্ৰম কৰে আৰু শ্ৰমণসকলে সমাজত আধ্যাত্মিক জাগৰণৰ সৃষ্টি কৰাৰ উদ্দেশ্যে শ্ৰম কৰে। বোধ হয় তেওঁলোকে তপস্যাৰ দ্বাৰা নিজৰ শৰীৰক শ্ৰম অৰ্থাৎ কষ্ট দিছিল বুলিও তেওঁলোকক শ্ৰমণ কোৱা হৈছিল। কিন্তু অৰণ্যত বাস কৰা ঋষি-মুনিসকলেও তপস্যা কৰি নিজৰ শৰীৰক কষ্ট দিছিল, কিন্তু তেওঁলোকক হলে শ্ৰমণ বোলা নহৈছিল। গতিকে তেওঁলোকে লোকহিতৰ উদ্দেশ্যে শ্ৰম কৰা হেতুকেই তেওঁলোকক শ্ৰমণ বোলাটো অধিক সম্ভৱ যেন অনুমান হয়।