তেতিয়া দেৱতাসকল ক্ষুব্ধ হল আৰু তেওঁলোকে সেই ৰাষ্ট্ৰ উজাড় কৰি দিলে।
ভালেমান জাতকতে মাতঙ্গক হত্যা কৰাৰ ফলত মেজঝ ৰাষ্ট্ৰ নষ্ট হোৱা কথাৰ উল্লেখ আছে। এই কাহিনী কিমান দূৰ সঁচা তাক কব নোৱাৰি। তথাপি মাতঙ্গ ঋষি যে চাণ্ডাল আছিল আৰু ব্ৰাহ্মণ তথা ক্ষত্ৰিয় সকলেও যে তেওঁৰ পূজা কৰিছিল ‘ৱসলসুত্ত’ৰ তলত দিয়া গাথাৰ পৰাই তাক স্পষ্টভাৱে বুজিব পৰা যায়ঃ
তদমিনা পি জানাথ যথা মেদং নিদস্সনং।
চণ্ডালপুট্টো সোপাকো মাতঙ্গো ইতি ৱিসসুতো॥১॥
সো যসং পৰমং পত্তো মাতঙ্গো যং সুদুল্লভং।
আগচ্ছুং তস্সুপটঠানং খত্তিয়া ব্ৰাহ্মণা বহু॥২॥
দেৱযানং অভিৰুয়্হ ৱিৰজং সো মহাপথং।
কামৰাগং ৱিৰাজেত্বা ব্ৰহ্মলোকুপগো অহু।
ন নং জাতি নিৱাৰেসি ব্ৰহ্মলোকুপপত্তিয়া॥৩॥
অৰ্থাৎ―
(১) মই ইয়াৰ এটা উদাহৰণ দিওঁ। কুকুৰৰ মঙ্গহ খোৱা চাণ্ডালৰ এজন লৰা মাতঙ্গ নামেৰে প্ৰসিদ্ধ হৈছিল।
(২) সেই মাতঙ্গই অতি শ্ৰেষ্ঠ আৰু দুৰ্লভ যশস্যা লাভ কৰিছিল। তেওঁৰ সেৱাৰ কাৰণে ভালেমান ক্ষত্ৰিয় আৰু ব্ৰাহ্মণ উপস্থিত থাকিছিল।
(৩) বিষয়-বাসনা ক্ষয়কাৰী মহান মাৰ্গেৰে দেৱযান (সমাধি) আৰোহন কৰি তেওঁ ব্ৰহ্মলোকলৈ গৈছিল। ব্ৰহ্মলোকত উৎপন্ন হোৱাৰ কাৰণে তেওঁৰ জন্ম বাধক হোৱা নাছিল।
শম্বুকৰ কাহিনী কাল্পনিক—শম্বুক নামৰ এজন শূদ্ৰই অৰণ্যত তপশ্চৰ্য্যা কৰিছিল। তাৰ ফলত এজন ব্ৰাহ্মণৰ লৰা মৰি গল। শ্ৰীৰামচন্দ্ৰই এই কথা জানিব পাৰি বনলৈ গল আৰু শম্বুকৰ শিৰোচ্ছেদ