সমললৈ যাওক

পৃষ্ঠা:ভগৱান বুদ্ধ.djvu/৮৯

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
সমসাময়িক ধাৰ্ম্মিক পৰিস্থিতি
৫৩
 

 এনেদৰে ভালেখিনি সময় ধৰি দুয়োৰ মাজত বাদ-বিতণ্ডা চলিল। শেহ মাণ্ডৱ্য়ই নিজৰ তিনিজন দ্বাৰপালৰ হতুৱাই মাতঙ্গক গতিয়াই বাহিৰ কৰাই দিলে। কিন্তু তাৰ ফলত মাণ্ডৱ্য়ৰ উশাহ নিশাহ বন্ধ হৈ গল, চকু উলটি গল আৰু তেওঁ অচেতন হৈ পৰি গল। তেওঁৰ লগত থকা ব্ৰাহ্মণসকলৰো কিছু পৰিমাণে এই দশা হল। তেওঁলোকৰ মুখ বন্ধ হৈ গল, তেওঁলোকে উবুৰি খাই মাটিত বাগৰিবলৈ ধৰিলে। অৱস্থা দেখি দৃষ্ট মঙ্গলিকাই ভয় খালে। যেতিয়া তেওঁ শুনিলে যে এজন ডালদৰিদ্ৰ তপস্বীৰ প্ৰভাৱতে তেওঁৰ পুত্ৰ আৰু ব্ৰাহ্মণসকলৰ এনে দুৰ্গতি হৈছে, তেতিয়া তেওঁ তপস্বীজনক বিচাৰি বাহিৰ ওলাল। ইফালে মাতঙ্গ ঋষিয়ে এঠাইত বহি ভিক্ষা কৰি পোৱা মাৰভাত খাই আছিল। দৃষ্ট মঙ্গলিকাই তেওঁক চিনি পালে আৰু নিজৰ পুতেকক ক্ষমা কৰিবলৈ প্ৰাৰ্থনা জনালে। মাতঙ্গ ঋষিয়ে নিজে খোৱা মাৰৰ অলপ দি কলে, এই মাৰ তোমাৰ লৰা আৰু আন আন ব্ৰাহ্মণ সকলৰ মুখত দিলে ঠিক হৈ যাব। তেতিয়া দৃষ্টি মঙ্গলিকাই তাকে কৰাত সকলো ঠিক হৈ গল। কিন্তু ইফালে সমগ্ৰ বাৰাণসীতে এই কথা ৰাষ্ট্ৰ হৈ পৰিল যে চাণ্ডালৰ এৰা খাই ব্ৰাহ্মণ সকল সুস্থ হৈছে। তেতিয়া ব্ৰাহ্মণ সকলে বৰ লাজ পালে আৰু তেওঁলোক মেজ্ ঝ ( মধ্য ) ৰাষ্ট্ৰলৈ গুচি গল। কিন্তু মাণ্ডৱ্য় হলে তাতেই থাকিল।

 পিচত এদিন ঘুৰি পকি গৈ মাতঙ্গ ঋষি মেজ্ ঝ ৰাষ্ট্ৰত উপস্থিত হল। তাত থকা আগৰ মাণ্ডৱ্য়ৰ লগৰ ব্ৰাহ্মণ সকলে সেই কথাৰ গম পাই মেজ্ ঝ ৰাষ্ট্ৰৰ ৰজাক বুজাই দিলে যে নৱাগত ভিক্ষাৰী জন মায়াবী আৰু সি গোটেই ৰাষ্ট্ৰৰে সৰ্ব্বনাশ কৰিব। এই কথা শুনিয়েই ৰজাই নিজৰ চিপাহীহঁতক মাতঙ্গক বিচাৰি উলিয়াবলৈ হকুম দিলে। সিহঁতে গৈ এখন দেৱালৰ কাষত বহি তেওঁক ভিক্ষা খাই থকা দেখিবলৈ পালে আৰু তাতেই তেওঁক মাৰি পেলালে।