সমললৈ যাওক

পৃষ্ঠা:ভগৱান বুদ্ধ.djvu/৮২

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৪৬
ভগৱান বুদ্ধ
 

কোসল দেশত পোক্খৰসাতি (পৌস্কৰসাদি), তাৰুক্খ (তাৰুক্ষ) আদি ব্ৰাহ্মণে বিৰাট বিৰাট দান আৰু উপহাৰ ভোগ কৰিছিল। গতিকে ‘পৰম্পৰং ভাৱয়ন্তঃ শ্ৰেয়ঃ পৰমৱাগ্স্য়থ’ৰ ন্যায় অনুসৰি ব্ৰাহ্মণ জাতি আৰু একতন্ত্ৰাত্মক শাসন-প্ৰণালীৰ প্ৰভাৱ পৰম্পৰ নিৰ্ভৰশীল হৈ বাঢ়ি যোৱাটো স্বাভাৱিক হৈ পৰিছিল।

 আগৰ অধ্যায়তে স্পষ্টভাৱে দেখুৱা হৈছে যে বুদ্ধৰ সময়ত ব্ৰাহ্মণতকৈ শ্ৰমণৰ (পৰিব্ৰাজকৰ) প্ৰভাৱ অধিক বৃদ্ধি পাইছিল। গণসত্তাত্মক ৰাজ্যৰ প্ৰতি এই শ্ৰমণ সকলৰ আদৰৰ ভাৱ আছিল, কিয়নো এই ৰাজ্যবোৰত যাগ-যজ্ঞৰ কথা কোনেও নুসুধিছিলেই। কিন্তু অধ্যাত্ম-চিন্তাত অনবৰত ব্যস্ত হৈ থকা ৰাজনৈতিক সমস্যা আলোচনা কৰি গণসত্তাত্মক ৰাজ্যৰ সংস্কাৰ সাধনৰ উপায় উদ্ভাৱন কৰাটো তেওঁ লোকৰ পক্ষে সম্ভৱ নাছিল। বোধহয় তেওঁলোকৰ ধাৰণা আছিল যে যি ব্যৱস্থা চলি আছিল সি তেনেভাৱে থকাটোৱে অপৰিহাৰ্য্য।

 গণৰজা সকলৰ প্ৰতি বুদ্ধৰ আদৰ যে আছিল তাক স্পষ্টভাৱে দেখা যায়। ৱজ্জীসকলৰ উন্নতিৰ বাবে তেওঁ নিৰ্দ্দেশ দিয়া সাতোটা নিয়মৰ কথা আগতে উল্লেখ কৰি অহা হৈছে। কিন্তু পুৰণি শাসন প্ৰণালীৰ ভেটিত নতুন আৰু সুব্যৱস্থাসম্পন্ন শাসন প্ৰণালী কিদৰে প্ৰতিষ্ঠা কৰাটো সম্ভৱ-সেই সম্বন্ধে তেওঁ নিজৰ বিচাৰ প্ৰকাশ কৰা বুলি হলে গম পোৱা নাযায়। গণৰজা সকলৰ কোনোবাই যদি অত্যাচাৰ আৰম্ভ কৰি দিয়ে তেন্তে আন ৰজাসকল মিলি তাত বাধা দিবনে নিদিয়ে অথবা সেই সকলো গণৰজাকে সময়ে সময়ে ৰাইজে সন্মিলিত হৈ নতুনকৈ বাছি দি নিজৰ প্ৰভাৱ অক্ষুন্ন ৰাখিব? ইত্যাদি প্ৰশ্ন লৈ বৌদ্ধ সাহিত্যত কোনো আলোচনা কৰা দেখা নাযায়।

 বুদ্ধৰ অনুগামী সকলেতো গণসত্তাত্মক ৰাজ্যৰ কল্পনা কৰাটোকে সমূলি এৰি দিছিল। দীঘনিকায়’ত আদৰ্শ শাসন প্ৰণালীৰ বৰ্ণনামূলক