সমললৈ যাওক

পৃষ্ঠা:ভগৱান বুদ্ধ.djvu/৮১

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
সমসাময়িক ৰাজনৈতিক পৰিস্থিতি
৪৫
 


ৰাখিছিল যদিও গণৰজা সকলৰ অত্যাচাৰৰ তুলনাত সি সামান্য আছিল। গণৰজাসকল বাস কৰিছিল গাৱঁত, গতিকে তেওঁলোকৰ অত্যাচাৰৰ পৰা প্ৰায় কোনো লোকেই হাত সাৰিব নোৱাৰিছিল। কৰ আৰু বেগাৰ আদায় কৰি গণৰজা সকলে আটাইকে উত্যক্ত কৰি তুলিছিল চাগৈ। একসত্তাধাৰী মহাৰজাৰ পক্ষে এনেদৰে আটাইবোৰ খেতিয়ককে ক্ষুব্ধ কৰি তোলাৰ কোনো আৱশ্যকতা নাছিল। তেওঁ নিজৰ সুখ-সুবিধাৰ কাৰণে নিয়মিত কৰ হিচাপে আৱশ্যকীয় ধন সহজতে সংগ্ৰহ কৰি লব পাৰিছিল। গতিকে তুলনাত সাধাৰণ ৰাইজৰ যদি একসত্তাত্মক শাসন- প্ৰণালী বেচি ভাল লাগিছিল তেন্তে তাত আচৰিত হব লগীয়া একো নাই।

 একসত্তাত্মক ৰাজ্যত পুৰোহিতৰ কাম বংশানুক্ৰমে অথবা ব্ৰাহ্মণ- সমুদায়ৰ সন্মতিক্ৰমে ব্ৰাহ্মণ সকলেই পাইছিল। প্ৰধান মন্ত্ৰী আদি বাবতো ব্ৰাহ্মণ সকলকেই নিযুক্ত কৰা হৈছিল গতিকে ব্ৰাহ্মণ সকল এক সত্তাত্মক শাসন-প্ৰণালীৰ ঘোৰ সমৰ্থক আছিল। ব্ৰাহ্মণ সকলৰ গ্ৰন্থত গণসত্তাত্মক ৰজাসকলৰ নাম উল্লেখ কৰা হোৱা নাই—সিও বিবেচনা কৰি চাবলগীয়া কথা। তাৰ পৰা অনুমান হয় যে ব্ৰাহ্মণ সকলে গণসত্তাত্মক শাসন-প্ৰণালী সমূলি ভাল নাপাইছিল। অংবটুঠ সুত্ত ত এই বুলি উল্লেখ কৰা হৈছে যে শাক্যৰ নিচিনা গণৰজাই ব্ৰাহ্মণৰ সন্মান নকৰিছিল; অংবটঠ ব্ৰাহ্মণে তেওঁৰ ওপৰত এই অভিযোগ কৰিছিল। গণৰাজ্যত যাগ-যজ্ঞৰ অলপো উৎসাহ পোৱা নগৈছিল কিন্তু মহাৰাজসকলে যাগ-যজ্ঞ চলাবলৈ ব্ৰাক্ষণসকলক বংশানুক্ৰমে ভূমি বা আন আন সামগ্ৰীৰ দান কৰিছিল। সুত্তপিটক’ৰ পৰা জনা যায় যে অকল বিম্বিসাৰৰ ৰাজ্যতে সোণদণ্ড, কুটদণ্ড আদি ব্ৰাহ্মণ সকলক আৰু


১।^  চণ্ডা তো গোতম সক্য় জাতি••••••ইন্তা সন্তা ইন্তা সমানা ন ব্ৰাহ্মণে কংগ কৰোন্তি,ন ব্ৰাহ্মণে মানেবন্তি, ইত্যাদি। (দীঘনিকায়, অঘট্ঠসুত্ত)