‘চক্কৱত্তিসুত্ত’ আৰু ‘মহাসুদস্সনসুত্ত” নামৰ দুটা সুত্ত আছে।তাত চক্ৰৱৰ্ত্তী ৰজাৰ মহত্বৰ কথা অতিশয়োক্তি কৰি বুজোৱা হৈছে। ব্ৰাহ্মণ সকলৰ সম্ৰাট আৰু এই শ্ৰেণীৰ চক্ৰৱৰ্ত্তী ৰজাৰ মাথোন এইখিনিয়ে পাৰ্থক্য যে সম্ৰাটসকলে সাধাৰণ ৰাইজৰ বিষয়ে কোনো চিন্তা নকৰি অসংখ্য যাগ-যজ্ঞৰ অনুষ্ঠান কৰি অকল ব্ৰাহ্মণসকলৰ চিন্তা কৰে আৰু আন প্ৰকাৰৰ চক্ৰৱৰ্ত্তী ৰজাই সকলো ৰাইজৰে প্ৰতি ন্যায় বিচাৰ কৰি সকলোকে সুখী কৰিবলৈ চেষ্টা কৰে। ৰাজ্যত শান্তি স্থাপন হলেই তেনে ৰজাই মানুহক এই বুলি উপদেশ দিয়েঃ
‘‘পাণী ন হন্তব্বো, আদিন্নং নাদাতব্বং, কামেসু মিচ্ছা ন চৰিতব্বা, মুসা ন ভাসিতব্বা, মজ্জং ন পাতব্বং।’
অৰ্থাৎ ‘প্ৰাণী হত্যা কৰা উচিত নহয়, চুৰি কৰিব নাপায়, ব্যভিচাৰ কৰা অনুচিত, মিছা কব নালাগে, মদ ফটিকা খোৱা উচিত নহয়।’
আন কথাত কবলৈ হলে, বৌদ্ধ গৃহস্থসকলৰ বাবে যি নিৰ্দ্দিষ্ট পাঁচ শীল-নিয়ম আছে তাকে অনুসৰণ কৰি চলিবলৈকে এই চক্ৰৱৰ্ত্তী ৰজা সকলে ৰাইজক উপদেশ দিছিল। মুঠতে ব্ৰাহ্মণেই হওক বা বুদ্ধ অনুগামীয়ে হওক উভয়ৰ দৃষ্টিতে একসত্তাত্মক শাসন-প্ৰণালীয়ে প্ৰশস্ত বুলি পৰিগণিত হৈছিল। মূল কথাত কোনো পক্ষৰে সিদ্ধান্তৰ প্ৰভেদ নাছিল, ওপৰুৱা কথাহে যি অলপ অচৰপ পাৰ্থক্য আছিল।
কিন্তু স্বয়ং গৌতম বোধিসত্বৰ ওপৰত হলে গণসত্তাত্মক শাসন- প্ৰণালীৰ সুস্পষ্ট প্ৰভাৱ আছিল। বুদ্ধই গণতান্ত্ৰিক শাসন-প্ৰণালীৰ আধাৰতে চাগৈ নিজৰ সংঘৰ সংগঠন কৰিছিল। গতিকে এই গণ- সত্তাত্মক ৰাজ্য সম্বন্ধে যি অলপ অচৰপ তথ্য পোৱা যায়, তাৰ বিশেষ
গুৰুত্ব আছে।