গণৰাজ্য ধবংসৰ কাৰণ
যোলখন জনপদৰে গণৰজাসকল ধ্বংস হোৱাৰ পিচত প্ৰায় আটাই কেইখনতে মহাৰজাসত্তা স্থাপিত হৈছিল। মল্লহঁতৰ দুখন সৰু আৰু ৱজ্জীসকলৰ এখন প্ৰতাপী, যি তিনিখন গণসত্তাত্মক স্বতন্ত্ৰ ৰাজ্য তিস্থি আছিল সিও ক্ৰমে একসত্তাত্মক শাসন প্ৰণালীৰ কবলত পৰাৰ উপক্ৰম হৈছিল। ইয়াৰ কাৰণ কি? মোৰ মতেৰে গণৰজাসকলৰ বিলাসিতা আৰু ৰাজনীতিত ব্ৰাহ্মণসকলৰ প্ৰভাৱেই এই বিপ্লৱৰ প্ৰধান কাৰণ আছিল।
গণৰজাসকলৰ নিৰ্ব্বাচন নহৈছিল। বাপেকৰ পিচত পুতেক ৰজা হৈছিল। বংশ-পৰম্পৰা অনুসৰি এই অধিকাৰ পোৱা হেতুকে তেওঁ লোক বিলাসী আৰু দাযিত্বহীন হৈ পৰাটো স্বাভাৱিক আছিল। ওপৰত ‘ললিতৱিন্তৰ’ৰ পৰা বজ্জীহঁতৰ যি বৰ্ণনা দিয়া হৈছে, তাৰ পৰা দেখা যায় যে এই গণৰজাসকল প্ৰতাপী আছিল যদিও নিজৰ ভিতৰত পাৰস্পৰিক প্ৰীতিৰ ভাৱ নাছিল আৰু প্ৰতিজন গণৰজাই নিজকেই ৰজা বুলি বিবেচনা কৰিছিল। গতিকে বুদ্ধৰ পৰিনিৰ্ব্বাণৰ পিচত ৱজ্জীসকলৰ গণৰজাসকলৰ মাজত অনৈক্যৰ সৃষ্টি কৰি অজাতশত্ৰুৱে অনায়াসে সেই. ৰাজ্য দখল কৰি লব পাৰিছিল।
এই গণৰজাসকলে সাধাৰণ ৰাইজৰ সমৰ্থন পোৱাটো সম্ভৱ নাছিল। যদি কোনো ৰজাই নিজৰ ইচ্ছামতে ৰাইজৰ ওপৰত অত্যাচাৰ কৰিবলৈ লৈছিল তেতিয়া তাত বাধা দিবলৈ ৰাইজ বা আন ৰজা সকলৰ ক্ষমতা নোহোৱা হৈ পৰিছিল। ইয়াৰ তুলনাত সাধাৰণ ৰাইজৰ পক্ষে সকলো গণৰজাৰ লোপ হৈ একেজন মাথোন সৰ্ব্বাধিকাৰী ৰজা থকাটো অধিক সুবিধাজনক আছিল। এনে মহাৰজাই নিজৰ অধিকাৰী সকলৰ হতুৱাই উৎপাত অত্যাচাৰ কৰাইছিল সঁচা; আৰু নিজৰ ৰাজধানীৰ ওচৰে কাষৰে ধুনীয়া গাভৰু পালে, তেনে গাভৰুক নি নিজৰ অন্তঃপুৰত