পৃষ্ঠা:ভগৱান বুদ্ধ.djvu/৭৯

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
সমসাময়িক ৰাজনৈতিক পৰিস্থিতি
৪৩
 


ৰজাৰ আধিপত্য মানি লৈছিল, তেন্তে তেওঁক নিজৰ ছোৱালী দিবলৈ শাক্য সকলৰ আপত্তি হব কিয়?[২] কিন্তু ভাৰতবৰ্ষৰ জাতিভেদ যে কিমান তীব্ৰ তাক বোধ হয় তেওঁ গম ধৰিব পৰা নাই। উদয়পুৰৰ ৰজা প্ৰতাপসিংহয়ো আকবৰৰ আধিপত্য স্বীকাৰ কৰিছিল, তথাপিও তেওঁ নিজৰ ছোৱালীক হলে আকবৰক দিবলৈ সাজু নাছিল। ললিত ৱিস্তৰ’ত কোসল কুলক ‘মাতঙ্গচ্যুত্যুৎপন্ন’ বুলি কোৱা হৈছে। তাৰ পৰা অনুমান হয় যে এই কুল মাতঙ্গ (চাণ্ডাল) জাতিৰ পৰা ওপৰলৈ উঠিছিল। এনে এটা বংশৰ লগত শৰীৰ (বিবাহ) সম্বন্ধ স্থাপন কৰিবলৈ শাক্যসকলৰ যদি সন্মতি নাছিল তেন্তে আচৰিত হব লগীয়া কোনো কাৰণ নাই।

 গণৰাজ্যৰ ব্যৱস্থা—আমি আগতে কৈ আহিছোঁ যে এই ৰাজ্যবোৰ এসময়ত গণসত্তাত্মক বা মহাজনসত্তাত্মক আছিল। ত্ৰিপিটক গ্ৰন্থৰ পৰা ৱজ্জী, মল্ল বা শাক্য আদিৰ বিষয়ে যি জানিব পৰা যায়, তাৰ পৰা অনুমান হয় যে এই ৰাজ্যবোৰৰ গাৱঁৰ মুখিয়াল লোকসকলক ৰজা বোলা হৈছিল। এই ৰজা সকল গোট খাই নিজৰ ভিতৰৰে কোনো এজনক অধ্যক্ষ বাছি লৈছিল। তেওঁক হয়তো আজীৱন বা কোন নিৰ্দিষ্ট সময়ৰ বাবে বাছি লোৱা হৈছিল। ৱজ্জীসকলৰ ভিতৰত কোনোবা মহাৰজা আছিল বুলিও অনুমান নহয়। ৱজ্জীসকলৰ সেনাপতিৰ উল্লেখ অৱশ্যে পোৱা যায়, কিন্তু মহাৰজাৰ সম্বন্ধে হলে কোনো উল্লেখ নাই। বোধ হয় তেওঁলোকে অধ্যক্ষ বাছি লৈয়ে নিজৰ কাম চলাইছিল। এই গণৰাজ্যবোৰত ন্যায়- বিচাৰ আৰু শাসন প্ৰণালী সম্বন্ধে কিছুমান আইন আৰু নিয়ম বান্ধি দিয়া হৈছিল আৰু সেই মতে গণৰজাই ৰাজ্য চলাইছিল।


২|^  Buddhist India, p. 11-12