ৰাষ্ট্ৰও বোলা হৈছিল। ৱেস্সন্তৰৰ নিজ দেশ শিৱি, এই চেতিয় ৰাষ্ট্ৰৰ ওচৰতে আছিল। তাৰ শিৱি ৰজাই নিজৰ চকু ব্ৰাহ্মণক দান দিয়াৰ কাহিনী জাতক কথাৰ ভিতৰতে এটা প্ৰসিদ্ধ কাহিনী।১ ৱেস্সন্তৰ জাতকৰ মতে ৱেস্সন্তৰ ৰাজকুমাৰেও নিজৰ মঙ্গল হাতী, নিজৰ তিৰোতা আৰু দুয়োটা লৰাকে হেনো ব্ৰাহ্মণক দান দিছিল। এই কথা ‘ৱেস্সন্তৰ জাতক’ত পোৱা যায়। ইয়াৰ পৰা দেখা যায় যে শিৱি আৰু চেতিয়া সকলৰ (চৈদ্য) ৰাষ্ট্ৰত ব্ৰাহ্মণ সকলৰ প্ৰতিষ্ঠা অতি বেচি আছিল আৰু সেইবাবে এই ৰাজ্য দুখন আৰু পছিমৰ পিনে থকা যেন অনুমান হয়। বুদ্ধৰ সময়তো শিৱি আৰু চেতিয়সকলৰ নাম চলি আছিল; কিন্তু তালৈ বুদ্ধভগৱান কেতিয়াবা গৈছিল বুলি হলে কোনো উল্লেখ পোৱা নাযায়। হয়তো অঙ্গ দেশ মগধ ৰাজ্যৰ লগত চামিল হোৱাৰ নিচিনাকৈয়ে এই দুখন দেশো তেতিয়া আন কাৰোেবাৰ ৰাজ্যৰ লগত চামিল হৈ গৈছিল। যিয়েই নহওক অন্ততঃ বুদ্ধভগৱানৰ জীৱনীৰ লগত এই ৰাজ্য দুখনৰ যে কোনো সম্পৰ্ক নাছিল, তাক হলে অৱশ্যে কব পৰা যায়।
৮। বংস (ৱৎস) — ৱংসৰ ৰাজধানী আছিল কোলম্বী (কৌশাম্বী)। বুদ্ধৰ সময়ত তাৰ গণতন্ত্ৰাত্মক শাসন-প্ৰণালী লোপ পাইছিল, আৰু তাত উদয়ন নামৰ এজন অতিশয় বিলাসী ৰজা একচ্ছত্ৰী শাসক হৈ উঠিছিল বুলিও জানিব পৰা যায়। ‘ধম্মপদ অট্ঠকথা’ত এই ৰজা সম্বন্ধে এটি কাহিনী দিয়া হৈছে; কাহিনীটো হল এই—
উদয়ন আৰু উজ্জনৰ ৰজা চণ্ডপ্ৰদ্যোতৰ মাজত ঘোৰ শত্ৰুতা আছিল। যুদ্ধত উদয়নক হৰুৱাৰ কোনো সম্ভাৱনা দেখা নাপাই প্ৰদ্যোতে উদয়নক বন্দী কৰাৰ বাবে এটা বুধি পাঙিলে। উদয়ন ৰজাই হাতী ধৰাৰ মন্ত্ৰ জানিছিল আৰু হাবিলৈ হাতী আহিলেই তেওঁ মানুহ
(১) চাওক— সিৱিজাতক, সং ৪৯৯।