মগধ দেশৰ পৰা কোসল দেশলৈ যাবলৈ হলে মল্লসকলৰ ৰাজ্যৰ মাজেৰে যাব লাগিছিল। সেই বাবে বুদ্ধভগৱানে বাৰে বাৰে এই ৰাজ্যৰ মাজেৰে অহা-যোৱা কৰিছিল। বুদ্ধভগৱানে পাৱা নিবাসী চুন্দ কমাৰৰ ঘৰত অন্ন গ্ৰহণ কৰিছিল; তাৰ পিচত তেওঁ বেমাৰত পৰি যায। তাৰ পৰা কুশীনাৰালৈ যাওঁতে সেই নিশাই তেওঁৰ পৰিনিৰ্ব্বাণ প্ৰাপ্তি হয়। আজি-কালিও তাত এটা সৰু স্তুপ আৰু মন্দিৰ আছে। তাক দৰ্শন কৰাৰ উদ্দেশ্যে তাত বৌদ্ধ যাত্ৰীৰ সমাগম হয়। পাৱা বা পডৱণা গাৱোঁ তাৰে ওচৰত। তাৰ পৰা পাৱাৰ মল্ল আৰু কুশীনাৰাৰ মল্ল ওচৰা- ওচৰিকৈ আছিল বুলি অনুমান হয়। এই ৰাজ্য দুখনত বুদ্ধৰ ভালেমান শিষ্য আছিল। এই ৰাজ্য দুখন স্বতন্ত্ৰ আছিল, কিন্তু ৱজ্জীহঁতৰ গণ- তন্ত্ৰাত্মক ৰাজ্যৰ সমান এই দুখন ৰাজ্যৰ প্ৰতিপত্তি নাছিল। হয়তো ৱজ্জীসকলৰ ৰাজ্য প্ৰতাপশালী হোৱা হেতুকেই এই ৰাজ্য দুখনৰ গণতন্ত্ৰাত্মক সত্তা তিস্থি আছিল।
৭। চেতী— ‘চেতিয়’ আৰু ‘ৱেস্সন্তৰ’ নামৰ জাতক দুখনৰ পৰা এই ৰাষ্ট্ৰৰ বিৱৰণ জনা যায়। ‘চেতিয় জাতক’ (সং ৪২২) মতে এই ৰাষ্ট্ৰৰ ৰাজধানী আছিল সোথিৱতী (স্বস্তিৱতী) আৰু ইয়াত এই ৰাজ্যৰ ৰজাসকলৰো তালিকা দিয়া হৈছে। শেষ ৰজা উপচৰ ৰা অপচৰে হেনো মিছা কথা কৈছিল আৰু নিজৰ পুৰোহিতৰ শপত তেওঁ নৰকত পৰিছিল। তেওঁৰ পাঁচজন লৰাই গৈ পুৰোহিতৰ শৰণ মাগিলত পুৰোহিতে তেওঁলোকক ৰাজ্য এৰি গুচি যাবলৈ কলে আৰু পুৰোহিতৰ আজ্ঞা অনুসৰি তেওঁলোকে নিজৰ ৰাজ্য এৰি গুচি গল। তাৰ পিচত পাঁচোজনে পাঁচ খন নগৰ পাতিলেগৈ, এই জাতকত এই বুলিও বৰ্ণনা কৰা আছে।
ৱেস্সন্তৰৰ পত্নী মদ্দী (মাদ্ৰী) মদ্দ (মদ্ৰ) ৰাষ্ট্ৰৰ ৰাজকুঁৱৰী আছিল। ‘ৱেস্সন্তৰ জাতক’ কথাৰ পৰা জনা যায় যে এই ৰাষ্ট্ৰক হেনো চেতিয়