পৃষ্ঠা:ভগৱান বুদ্ধ.djvu/৬৪

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
২৮
ভগৱান বুদ্ধ
 

দুনুহ লৈ হাতী ধৰিবলৈ গৈছিল। চণ্ডপ্ৰদ্যোতে এটা নকলী হাতী সজালে আৰু সেই কৃত্ৰিম হাতীটো ৱৎস ৰাজ্যৰ সীমাত এৰি দি আহিবলৈ নিৰ্দ্দেশ দিলে। নিজৰ ৰাজ্যৰ সীমাত এটা নতুন হাতী ওলোৱাৰ বাতৰি শুনাৰ লগে লগে উদয়ন ৰজা হাতী ধৰিবলৈ ওলাই আহিল। নকলী হাতীৰ ভিতৰত লুকাই থকা মানুহে হাতীটো দৌৰাবলৈ ধৰিলে; উদয়নেও হাতীৰ পিছে পিচে খেদি গল। হাতী গৈ চণ্ডপ্ৰদ্যোতৰ ৰাজ্যৰ সীমাৰ ভিতৰ সোমাল। তাত লুকাই থকা চণ্ডপ্ৰদ্যোতৰ চিপাহীয়ে উদয়নক বন্দী কৰি উজ্জৈনলৈ লৈ গল।

  উদয়নক চণ্ডপ্ৰদ্যোতৰ আগত হাজিৰ কৰোৱা হল; তেতিয়া চণ্ড- প্ৰদ্যোতে তেওঁক কলে, “যদি তুমি হাতী ধৰাৰ মন্ত্ৰ শিকোৱা তেন্তে মই তোমাক এৰি দিম, নহলে মাৰি পেলাম।” কিন্তু উদয়ন হলে সেই লোভত বান্ধ নাখালে আৰু চণ্ডপ্ৰদ্যোতৰ ভাবুকীয়েও তেওঁক ভয় খুৱাব নোৱাৰিলে। তেওঁ কলে, “মোক প্ৰণাম কৰি যদি মোৰ শিষ্য হিচাপে তুমি মন্ত্ৰৰ অধ্যয়ন কৰা তেন্তে মই তোক মন্ত্ৰ শিকাম। নহলে তুমি যি ইচ্ছা তাকে কৰিব পাৰা।”

  প্ৰদ্যোত বৰ অহঙ্কাৰী আছিল; গতিকে তেওঁ সেই চৰ্ত্ত ভাল নাপালে। কিন্তু উদয়নক মাৰি মন্ত্ৰৰ লোপ কৰাটোও উচিত বুলি বিবেচনা নকৰিলে। গতিকে তেওঁ উদয়নক সুধিলে, “তুমি জানো আন কাৰোবক মন্ত্ৰ শিকাবা। তুমি যদি মোৰ ইচ্ছা মতে আন কোনো লোক মন্ত্ৰ শিকাই দিয়া তেন্তে তোক মুক্তি দিম।”

  উদয়নে কলে, “যি তিৰোতা অথবা পুৰুষে মোক প্ৰণাম কৰি মোৰ শিষ্য হিচাপে মন্ত্ৰ অধ্যয়ন কৰিব মই তেনে লোককে এই বিদ্যা শিকাম।”

  চণ্ডপ্ৰদ্যোতৰ কন্যা বাসুলদত্তা (ৱাসৱদত্তা) বৰ বুদ্ধিমতী আছিল। মন্ত্ৰ গ্ৰহণ কৰিবলৈ তেওঁ অৱশ্যে সমৰ্থ আছিল; কিন্তু তেওঁক উদয়নৰ লগত সম্পৰ্কত আহিবলৈ দিয়াটো চণ্ডপ্ৰদ্যোতৰ ভাল নালাগিল।