পৃষ্ঠা:ভগৱান বুদ্ধ.djvu/৫৮

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
২২
ভগৱান বুদ্ধ
 

ইয়াত পসেনদি (প্ৰসেনজিৎ) ৰজাই ৰাজত্ব কৰিছিল। কোসল- সুত্তৰ এটা সুত্তৰ পৰা প্ৰমাণ পোৱা যায় যে পসেনদি বৈদিক ধৰ্ম্মৰ সম্পূৰ্ণ অনুগামী আছিল আৰু তেওঁ ডাঙৰ ডাঙৰ যজ্ঞৰ অনুষ্ঠান কৰিছিল। তথাপি তেওঁৰ ৰাজ্যত শ্ৰমণ সকলৰ প্ৰতিও সম্মান কৰা হৈছিল। অনাথপিণ্ডিক নামৰ এজন বিখ্যাত শ্ৰেষ্ঠীয়ে শ্ৰাৱন্তীৰ জেতবনত বুদ্ধ ভিক্ষু-সংঘৰ কাৰণে এটা বিহাৰ সজাই দিছিল। ৱিশাখা নামৰ প্ৰসিদ্ধ উপাসিকা এগৰাকীয়েও পূৰ্বাৰাম নামৰ এটা বিৰাট প্ৰাসাদ ভিক্ষুসকলৰ কাৰণে সজাই দিছিল। এই দুয়ো ঠাইতে বুদ্ধভগৱানে কেতিয়াবা কেতিয়াবা ভিক্ষু-সংঘৰ লগত নিজেও অৱস্থান কৰিছিল। বোধ হয় তেওঁ ভালেমান চাতুৰ্মাস্যও (চাৰি মাহ) তাতেই কটাইছিল; কিয়নো অনাথপিণ্ডিকৰ আৰামতে বুদ্ধই আটাইতকৈ অধিক উপদেশ দিয়া বুলি ত্ৰিপিটক সাহিত্যত উল্লেখ কৰা হৈছে। পসেনদি ৰজা যাগ-যজ্ঞৰ সমৰ্থক হলেও তেওঁ কেতিয়াবা কেতিয়াবা বুদ্ধ দৰ্শনৰ উদ্দেশ্যে অনাথপিণ্ডিকৰ উদ্যানলৈ গৈছিল। ‘কোসলসুত্ত’ত বুদ্ধই পসেনদিৰ আগতকে দিয়া উপদেশ সমুহৰ সংগ্ৰহ পোৱা যায়।

  ‘ললিত-ৱিন্তৰত পোৱা ৰাজবংশৰ বৰ্ণনাৰ পৰা এনে ধাৰণা হয় যে ৰজা মাতঙ্গ হীন জাতিত ওপজিছিল। ‘ধম্মপদ অট্‌ঠ কথা’’ৰ ৱিভূডভৰ (ৱিদুৰ্দভৰ) কাহিনীৰ দ্বাৰা ললিত-ৱিন্তৰৰ এই কথাৰ সমৰ্থন, পোৱা যায়।

  পসেনদি ৰজাই বুদ্ধক যথেষ্ট ভক্তি কৰিছিল। পসেনদিয়ে শাক্য


  ৪. তেওঁৰ প্ৰকৃত নাম আছিল সুদত্ত। তেওঁ অনাথ সকলক ভোজন (পিও) দিছিল, গতিকে তেওঁক অনাথপিণ্ডিক কোৱা হৈছিল।   ৫. এই সংযুত্তৰ আগৰ সুত্ততে পসেনদি বুদ্ধৰ উপাসক হোৱাৰ কথা আছে; কিন্তু নৱম সুত্তত আকৌ পসেনদিয়ে মহাযজ্ঞ পতাৰ বৰ্ণনা আছে। গতিকে পসেনদি ৰজা প্ৰকৃত বৃদ্ধৰ উপাসক আছিল বুলি কব নোৱাৰি।