পৃষ্ঠা:ভগৱান বুদ্ধ.djvu/৫৯

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
সমসাময়িক ৰাজনৈতিক পৰিস্থিতি
২৩
 

কুলৰ কোনো ৰাজকন্যাক বিয়া কৰাবলৈ ইচ্ছা কৰিছিল। কিন্তু শাক্য ৰজাই কোসল ৰাজকুলক নীচ বুলি বিবেচনা কৰিছিল। গতিকে নিজৰ কন্যা কোসল ৰজাক দিয়াটো উচিত বুলি বিবেচনা নকৰিলে। কিন্তু শাক্য সকলৰ ওপৰত কোসল ৰজাৰ ক্ষমতা, আছিল, গতিকে তেওঁৰ দাবী অস্বীকাৰ কৰাটোও সম্ভৱ নাছিল। অৱশেষত তেওঁ এটা বুধি উলিয়ালে। বুধিটো হল এয়ে যে মহানাম শাক্যই নিজৰ দাসী-কন্যা বাসভৰৱত্তিয়াক নিজৰ কন্যা বুলি কৈ কোসল ৰজাক দিব। কোসল ৰজাৰ অমাত্যসকলে কইনা চাই পছন্দ কৰিলে। তদুপৰি মহানামে কন্যাৰ লগত একেলগে বহি আহাৰ কৰা দেখিবলৈ পাই কইনাজনী তেওঁৰ নিজৰ জীয়েক বুলি অমত্যসকলৰ বিশ্বাস হল। ফলত শুভ লগ্নত কোসলৰাজৰ লগত ৱাসৰৱত্তিয়াৰ বিবাহ হল। ৰজাই তেওঁক নিজৰ পাটৰাণী কৰিলে। তেওঁৰ লৰা ৱিভূডভৰ বয়স হল। তেতিয়া তেওঁ এবাৰ মোমায়েকৰ ঘৰলৈ (অৰ্থাৎ শাক্যহঁতৰ ঘৰলৈ) গল। শাক্যহঁতে নিজৰ সংস্থাগাৰত (নগৰ মন্দিৰত) তেওঁক উচিত সম্মান দেখুৱালে। পিচত তেওঁ গুচি যোৱাত তেওঁৰ আসন পানীৰে ধুই দিলে। এই কথা ৱিভূডভৰ কাণত পৰিল আৰু তেওঁ যে দাসীপুত্ৰ সেই কথা জানিব পাৰিলে। ডাঙৰ হৈয়েই ৱিডুডভে বলেৰে কোসলৰ ৰাজ-সিংহাসন অধিকাৰ কৰিলে আৰু বুঢ়া বাপেক পসেনদিক শ্ৰাৱন্তীৰ পৰা বাহিৰ কৰি খেদি দিলে। পসেনদিয়ে নিজৰ ভাগিনীয়েক অজাতশত্ৰুৰ ওচৰত আশ্ৰয় লোৱাৰ উদ্দেশ্যে ভেশচন কৰি ৰাজগৃহৰ ফালে যাত্ৰা কৰিলে। কিন্তু বাটত বৰ কষ্ট পোৱা হেতুকে ৰাজগৃহৰ বাহিৰৰ এখন ধৰ্ম্মশালাতে তেওঁৰ মৃত্যু হল।

  বাপেকৰ মৃত্যুৰ পিচত ৱিডুডভে শাক্যসকলৰ ওপৰত আক্ৰমণ চলাবলৈ স্থিৰ কৰিলে; কিন্তু ভগৱান বুদ্ধই উপদেশ দি তেওঁক দুবাৰো এই সিদ্ধান্তৰ পৰা বিৰত কৰালে। কিন্তু তৃতীয় বাৰ হলে বুদ্ধই কোনো