পৃষ্ঠা:ভগৱান বুদ্ধ.djvu/৫৭

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
সমসাময়িক ৰাজনৈতিক পৰিস্থিতি
২১
 

বোধ হয় চণ্ডপ্ৰদ্যোতে আক্ৰমণ কৰাৰ অভিপ্ৰায় এৰি দিলে। বিদেশী চণ্ডপ্ৰদ্যোতৰ নিচিনা ৰজাৰে অজাতশত্ৰুৰ ওপৰত খং উঠিছিল, অথচ নিজৰ ৰজাক হত্যা কৰাত মগধৰ প্ৰজা হলে অলপো বিক্ষুব্ধ নহল, তাৰ দ্বাৰাই ভালদৰে অনুমান কৰিব পাৰি যে এই দেশত এক-সত্তাত্মক শাসন- প্ৰণালী কিদৰে সুদৃঢ় হৈ উঠিছিল।

  (৩) কাসী— কাসী অথবা কাশীৰ ৰাজধানী আছিল বাৰাণসী। জাতক অট্‌ঠ কথাৰ পৰা জনা যায় যে এই দেশৰ অধিক ৰজাকে ব্ৰহ্মদত্ত বোলা হৈছিল। এই দেশৰ শাসন-প্ৰণালী সম্বন্ধে বৰ বেচি কথা জানিব নোৱাৰিলেও অন্ততঃ এইখিনি জনা যায় যে কাশীৰ ৰজা (মহাজন) অতি উদাৰ আছিল। তেওঁলোকৰ ৰাজ্যত কলা-কৌশল ভালদৰে বিকশি উঠিছিল। বুদ্ধৰ সময়ত উৎকৃষ্ট বস্তুক ‘কাসিক’ (কাশীত প্ৰস্তুত) বুলি কোৱা হৈছিল। কাসিক বস্ত্ৰ, কাসিক চন্দন আদি শব্দ ত্ৰিপিটক সাহিত্যৰ ভালেমান ঠাইতে পোৱা যায়। বাৰাণসীৰ অশ্বসেন ৰজাৰ বামাৰাণীৰ গৰ্ভত জৈনসকলৰ ত্ৰয়োবিংশ তীৰ্থঙ্কৰ পাৰ্শ্বনাথে জন্মগ্ৰহণ কৰিছিল। গৌতম বুদ্ধৰ জন্মৰ প্ৰায় ২৪৩ বছৰৰ আগতে তেওঁ তেওঁৰ ধৰ্ম্মোপদেশ আৰম্ভ কৰিছিল। ইয়াৰ পৰাই আমি কব পাৰোহক যে কাশীৰ মহাজনসকল যে অকল কলা- কৌশলতে পাৰঙ্গত আছিল এনে নহয়, ধৰ্ম্ম-নিস্থাতো আগৰণুৱা আছিল। কিন্তু বুদ্ধৰ সময়ত এই দেশৰ স্বতন্ত্ৰ সম্পূৰ্ণ ভাৱে লোপ পাইছিল আৰু ইয়াক কোসল দেশৰ লগত চামিল কৰা হৈছিল; অঙ্গ-মগধ সমাসৰ নিচিনাকৈ ‘কাসী-কোসল’ সমাসবদ্ধ শব্দৰ চলতি হৈ গৈছিল।

  ৪। কোসল— কোসল দেশৰ ৰাজধানী আছিল শ্ৰাৱন্তী; এই নগৰ অচিৰৱতী (বৰ্তমান— ৰাপ্তী) নৈৰ পাৰত অৱস্থিত আছিল আৰু