আগচি আছিল আৰু তাৰ মাজত পতা হৈছিল এই চহৰখন। পাহাৰৰ মাজেৰে চহৰলৈ যোৱাৰ মাথোন দুটা ৰাস্তা আছিল। সেই বাবে শত্ৰুৰ পৰা চহৰখন ৰক্ষা কৰাটো সহজ আছিল। বোধ হয় তালৈ লক্ষ্য ৰাখিহে চহৰখন এই ঠাইত পতা হৈছিল। কিন্তু অজাতশত্ৰুৰ শক্তি ইমান বাঢ়ি গল যে তেওঁ আৰু নিজৰ নিৰাপত্তাৰ কাৰণে এই পাহৰুৱা কোঁঠত (গিৰিব্ৰজত) থকাৰ কোনো আৱশ্যকতা অনুভৱ নকৰিলে। বুদ্ধৰ পৰিনিৰ্ব্বাণৰ আগতে অজাতশত্ৰুৱে এখন নতুন নগৰ পাতিলে আৰু পিচত বোধহয় তালৈকে নিজৰ ৰাজধানীও লৈ গল।
অজাতশত্ৰুক ‘ৱৈদেহী-পুত্ৰ’ও বোলা হয়। ওপৰে ওপৰে চালে এই কথাৰ পৰা তেওঁৰ মাক বিদেহ ৰাষ্ট্ৰৰ জীয়ৰী যেন লাগে আৰু জৈন সকলৰ ‘আচাৰাংগ’ সুত্ৰাদিত এই বুলিও উল্লেখ পোৱা যায় যে তেওঁৰ মাক ৱজ্জী ৰজাসকলৰ এজন ৰজাৰ জীয়েক আছিল। কিন্তু ‘কোসলসংযুক্ত’ৰ দ্বিতীয় বগ্গৰ চতুৰ্থ সুত্তৰ অট্ঠ কথাত তেওঁক পসেনদিৰ ভতিজা জীয়েক বুলি কোৱা হৈছে আৰু বৈদেহী শব্দৰ অৰ্থ কৰা হৈছে ‘পণ্ডিতাধিবচনমেতং, পণ্ডিতিথিয়া পুত্তোতি অথো’ ‘ললিতৱিন্তৰ’ত মগধ দেশৰ ৰাজকুলক বৈদেহীকুল বুলিয়ে উল্লেখ কৰা হৈছে। ইয়াৰ দ্বাৰা অনুমান হয় যে এই কুল পিতৃবংশৰ দ্বাৰা প্ৰসিদ্ধ নাছিল; আৰু পিচত এই বংশৰ কোনো ৰজাই বিদেহ দেশৰ ৰাজকন্যাৰ লগত সম্বন্ধ পতাত এই বংশও বিখ্যাত হৈ পৰে আৰু কোনো কোনো ৰাজপুত্ৰই নিজকে বৈদেহী-পুত্ৰ বুলি চিনাকি দিবলৈ ধৰে।
অজাতশত্ৰুৱে বিম্বিসাৰক মৰাৰ বাতৰি শুনি অৱন্তীৰ ৰজা চণ্ডপ্ৰদ্যোতৰ অতিশয় খং উঠিল আৰু তেওঁ অজাতশত্ৰুৰ বিৰুদ্ধে আক্ৰমণ চলোৱাৰ আয়োজন কৰিলে। তেওঁৰ ভয়ত অজাতশত্ৰুৱে ৰাজগৃহৰ চাৰিওপিনে থকা দেৱাল বোৰৰ মেৰামত কৰালে।৩ পিচত ৩. চাওক— ‘মজঝিম-নিকায়’ গোপকমোগ গল্পানসুত্তৰ অট্ঠকথা।