পৃষ্ঠা:ভগৱান বুদ্ধ.djvu/৫৩

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
সমসাময়িক ৰাজনৈতিক পৰিস্থিতি
১৭
 

পালে। তাত আগৰ মহাজন বা ৰজাৰ বংশধৰ সকল জীয়াই থাকিল সঁচা, কিন্তু তেওঁলোকৰ আৰু স্বতন্ত্ৰ সত্তা নৰল। পিচলৈ গৈ অংগ- মগধ নামেৰে এই দেশক মগধৰ লগত সাঙুৰি দ্বন্দ্ব সমাসেৰে উল্লেখ কৰিবলৈ লোৱা হল।

  ‘ত্ৰিপিটক’ গ্ৰন্থৰ ভালেমান ঠাইতে এই বুলি উল্লেখ পোৱা যায় যে বুদ্ধ ভগৱানে হেনো সেই দেশত উপদেশ দিছিল আৰু সেই দেশৰ মুখ্য নগৰ চম্পা নগৰীত গগ্‌গৰা ৰাণীয়ে সজোৱা পুখুৰীৰ পাৰত চাতুৰ্মাস অতিবাহিত কৰিছিল। কিন্তু এই চম্পা নগৰী কোনো দিনেই কোনো পুৰণি ৰজাৰ অধিকাৰত নাছিল। ৰজা বিম্বিসাৰে ইয়াক সোণদণ্ড নামৰ ব্ৰাহ্মণ এজনক দান দিছিল। এই গাৱৰ আয়েৰে সোণদণ্ড ব্ৰাহ্মণে মাজে সময়ে ধুমধাম কৰি যাগ-যজ্ঞ সম্পাদন কৰিছিল।

  (২) মগধ— বুদ্ধৰ সমসাময়িক ৰাজ্যবোৰৰ ভিতৰত মগধ আৰু কোসলৰ দিনকদিনে উন্নতি হৈ গৈছিল আৰু এই ৰাষ্ট্ৰ দুখনত সম্পূৰ্ণভাৱে একসাত্মক শাসনপ্ৰণালী প্ৰতিষ্ঠিত হৈছিল। মগধৰ ৰজা বিম্বিসাৰ আৰু কোসলৰ ৰজা পসেনদি (প্ৰসেনজিৎ) অতিশয় উদাৰ আছিল, সেইবাবে তাৰ একসত্তান্ত্ৰক শাসন প্ৰণালী প্ৰজাৰ কাৰণে অতিশয় সুখকৰ হৈছিল। দুয়োজন ৰজাই যাগ-যজ্ঞত উৎসাহ দিছিল সঁচা। কিন্তু তেওঁলোকৰ ৰাজ্যত শ্ৰমণসকলৰ (পৰিব্ৰাজকসকলৰ) নিজৰ ধৰ্ম্মোপদেশ দিবলৈ সম্পূৰ্ণ স্বাধীনতা আছিল। অকল সেয়ে নহয়, বিম্বিসাৰ ৰজাই ভ্ৰমণসকলৰ থকা-মেলাৰ সুবিধা কৰি দিও তেওঁলোকক উৎসাহ দিছিল। গৌতমে সন্ন্যাস গ্ৰহণ কৰি পোন পহিলতে ৰাজগৃহলৈ যোৱাত বিম্বিসাৰ ৰজাই পাণ্ডৱ পৰ্ব্বতলৈ গৈ তাতে গৌতমক নিজৰ সৈন্যবাহিনীত এটা উচ্চ পদ স্বীকাৰ কৰিবলৈ অনুৰোধ জনাইছিল।


  ১. দীঘনিকায়, সোণদণ্ড সুত্ত।